কবিঃ-
দেৱকান্ত বৰুৱা
কোন
দূৰ শতিকাৰ বুৰঞ্জী-বিস্মৃত কোন
সোণালী ক্ষণত,
কোননো
অপ্সৰী আহি ভাঙিলে তপস্যা কাৰ
এটি কটাক্ষত !
তোমাৰ চকুত প্রিয়া! জ্বলে নে বিজুলী সেই ?
সিদিনাৰ দৰে,
উঠে
নে ফুলনি হাঁহি তোমাৰ চেনেহ লাগি
বননি শিঞৰে ?