পুৰণি অসমীয়া কবিতা
Wednesday, 19 August 2026
আদিকথা
শৰাইঘটীয়া ডেকা দল
কবিঃঅতুলচন্দ্ৰ হাজৰিকা
শৰাইঘটিযা ডেকা দল,
লক্ষ্য তোৰ সমুজ্জ্বল,
ৰণুৱা তই, বনুৱা তই,
গাত তোৰ ভীমৰ বল,
মাটি কাটিবি, পৰ্বত খহাবি,
একে ৰাতিতে বান্ধিবি গড়,
অস্ত্ৰ ধৰিবি, হিলৈ ফুটাবি,
ৰক্ত গংগাৰ বোৱাবি ঢল।
সৰু ছোৱালী আৰু পখী,
কবিঃ ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ
আহ, পখী আহ,
ফুল দিম কোঁচ ভৰি,
খুৱাম উদৰ পুৰি,
সাঁজি দিম সোণোৱালী বাহ,
আহ পখী, উৰি উৰি আহ।
আহ, পখী আহ,
পকা পকা ফল দিম
তোৰ স’তে উমলিম
পাবি ৰং, আহ পখী আহ,
সাঁজি দিম সোণেৰেই বাঁহ।
মৌ-মাখি
( ১ )
মউ মাখি কেনে সৰু প্ৰাণী জগতত;
শ্ৰম দেখি সিহঁতৰ,
তধা লাগি ৰয় নৰ,
কদাপি নকৰে হানি কাল অবাবত।
(২)
নেজানে এলাহ্ কেনে নেজানে জিৰণি;
ফুলনিৰ মউ লই,
ৰহ-ঘৰা পাতে গই,
কিমান বুধিৰে কৰে মউ চাক খনি।
(৩)
মানুহৰ সঁচ হই তুমি হেৰা ভাই !
পৰি যদি এলাহত,
কাল নিয়া অবাবত,
তেনেহলে নৰ-জন্ম লভিল৷ মিছাই ।
মিঠা মাত
(১)
হেৰা লৰা! সকলোকে মিঠা মাত দিবা,
হুঁটা কথা কই কাকো বেজাৰ নিদিবা ।
কি আপোন কিবা পৰ সৱাৰে মনত,
নিশ্চয় সোমাব পাৰি মিঠা বচনত ।
(২)
চোৱা বাৰু গুৰ চেনি কেনে মিঠা পাই,
জাকে জাকে মাখি গই বেৰি কুঢ়ি খায়।
তাকে বুজি যাকে তাকে মিঠা কথা কবা,
তেনে হলে সকলোৰে প্রিয়-পাত্র হবা ।
বেঙ
(১)
হেৰা গণি ! চোৱাঁচোন শনি লই চোৱাঁ,
নেজানো নির্দ্দয় হায়! কিয় এনেকুৱা ।
বেঙ্ জাতি নিৰ্জু অতি সকলোৱে জানে,
সংসাৰত যতবোৰ প্ৰাণী আছে মানে ।
(২)
চুকৰ ভেকুলি থাকে চুকত সোমাই,
পোক মাখি যিটো পায় তাকে ধৰি খায়।
কদাপি নকৰে কাৰো কোনো অপকাৰ,
কোনো ৰূপে মানুহক নিদিয়ে বেজাৰ।
খেতি আৰু বিদ্যা
(১)
| পথাৰত গই বোপা! | আহা তুমি চাই, | |
| কত দুখ কৰি খেতি | কৰে হালোৱাই। | |
| নেজানে পিয়াহ ভোক | নেজানে ভাগৰ, | |
| দুখতেই পানী কৰে | তেজ শৰীৰৰ। |
(২)
| এই দৰে বহু কষ্টে | ততাতৈয়া কৰি, | |
| যত পাৰে তত লয় | বতৰতে কৰি। | |
| তেহে জন্মে নানা শস্য | উপচি পথাৰ, | |
| যাক দেখি ৰঙ্ লাগে | মনত অপাৰ। |
(৩)
| তোমাৰো কোমল মন | মাটিৰে সমান, | |
| লিখা-পঢ়া খেতি আৰু | শস্য তাৰ জ্ঞান । | |
| লিখা-পঢ়া খেতি কৰাঁ | জ্ঞান শস্য পাবা, | |
| সেয়ে হলে ডাঙৰত | মহা সুখে খাবা। |