Showing posts with label নকুলচন্দ্ৰ ভুঞাঁ. Show all posts
Showing posts with label নকুলচন্দ্ৰ ভুঞাঁ. Show all posts

Monday, 18 April 2016

বিহুৱান



কবিঃ- নকুলচন্দ্ৰ ভুঞাঁ

ৰঙিলী ঐ                     ঢঙিলী ঐ
ব'হাগৰ বিহুৰে ধেমালি ঐ॥



মইনাৰ বায়েকে          পাণকটা ফুলেৰে
ৰঙা শেলৰ গামোচাখনি।
মেৰিয়াই দিলেহি         মইনাৰ ডিঙিতে
ব'হাগৰ বিহুটি বুলি॥

লাচিত বৰফুকন



কবিঃ- নকুলচন্দ্ৰ ভুঞাঁ
শুনিছানে ল'ৰাহঁত লাচিতৰ কথা,
মোগল-বিজয়ী বীৰ ইতিহাসে লিখা।

অসমক পৰাধীন কৰিবলৈ বুলি
 আহিছিল মোগলৰ সেনা বাহু তুলি।