কবিঃ- ইন্দ্ৰেশ্বৰ
বৰঠাকুৰ
কৃপাময়ী!
তোমাৰ কৰুণাধাৰি কেনে শান্তিময়!
পিতাই পুত্ৰৰ স্নেহ দিয়ে বিসর্জন,
প্ৰেম সুখ জলাঞ্জলি দিয়ে দম্পতিয়ে
ভায়ে ভায়ে কটাকটি ; তিলোত্তমা তুমি ।
আক্ৰোশৰ হোত্রীদলে বেদীত তোমাৰ
কতনা নিৰীহ প্ৰাণ পূৰ্ণাহুতি দিয়ে।
তুমি, কিন্তু
হাঁহি ঠাহি দুর্বল হিয়াত,
ৰুদ্ধ কৰি মোক্ষদ্বাৰ, জিলিকি জিলিকি
অতৃপিতি বাসনাৰে বাসনা জগাই,
গুচি যোৱা দূৰলৈ, আৰু দূৰলৈ; --
অনুৰ্বৰা মৰুমাজে মৰীচিকা প্রায়,
ছবিত হৰিণী, দেহি দহি
যাতনাত।
ইয়াকে বোলেনে দয়া ঐশ্বৰ্য-ঈশ্বৰী?
চোৱা, চোৱা, বহুধাৰ বিমল কোলাত
কত যোগী, কত জ্ঞানী, ধানত মগন ।
পাৰা নে
চাপিব কাষ ? চাপাচো এবাৰ ৷
মোহিনীৰ
মায়া যত চুৰমাৰ কৰি,
নগণ্য
ধূলিৰ সতে মিলাব তোমাক ।
চোৱা
ঘূৰিবাৰ দেৱী,
পৃথিৱীৰ পোনে
বিভৱ-বিৰাগী
যত ধীৰ ভগীৰথে
কাতৰে
মাগিছে মোৰ কৰুণাৰ ধাৰা
“অহঙ্কাৰ, অন্ধকাৰ, ধুই নিয়া” বুলি ।
No comments:
Post a Comment