Showing posts with label হেমচন্দ্ৰ গোস্বামী. Show all posts
Showing posts with label হেমচন্দ্ৰ গোস্বামী. Show all posts

Monday, 30 May 2016

বৰদৈচিলা



কবিঃ- হেমচন্দ্ৰ গোস্বামী


চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়
গছ-গছনি ঘৰ-দূৱাৰ নিয়ে উৰুৱাই।
হিল দ’ল ভাঙি-ছিঙি মেলিছা ঢাপলি
লগত নিছা লগৰীয়া যত বা মাৰলি।

Monday, 15 December 2014

পুৱা

গহীন পুৱতি নিশা, নিতাল জগত,
ক'তো নাই জোনাকৰ চিন;
নিমাত বিশ্বৰ বাঁহী, নিজম চেতনা,
সুৰ ভুলা জীৱনৰ বীণ।

প্ৰিয়তমাৰ চিঠি

সৌন্দৰ্যৰ বুকুৰ কাঁচলি উদঙাই
প্ৰকৃতিৰ চো ঘৰ চালো পিত্ পিত্ ,
কুকুৰাঠেঙীয়া এই আখৰকিটিত
যি অমিয় ঘঁহা আছে, ক'তো আৰু নাই।