Showing posts with label নলিনীবালা দেৱী. Show all posts
Showing posts with label নলিনীবালা দেৱী. Show all posts

Friday, 21 November 2014

সাৰথি

 তোমাৰ পৰশে মোৰ মছি দিয়ে হিয়াৰ দীনতা,
লক্ষ্য-হীন জীৱনত দিয়া নিতে শান্তিৰ বাৰতা।
নিৰাশাৰ হুমুনিয়া বুকু ভাঙ্গি আহিলে ওলাই,
জনোৱা নীৰৱে তুমি- আছো মই, নাই যোৱা নাই।
গহীন আন্ধাৰ নিশা ফুৰোঁ যদি বাট খেপিয়াই
বনৰ মালতী গোন্ধে দিয়ে মোক বাট দেখুৱাই।
মলয় সুৰভি সানি যোৱা তুমি আঁচল উড়াই,
জনোৱা নীৰৱে, সখী আছো মই, নাই যোৱা নাই।

শেষ অৰ্ঘ্য

ৰৈ আছো শেষ অৰ্ঘ্য লৈ পূজোঁ বুলি তোমাৰ চৰণ
জীৱনৰ গধুলি পৰত কৰোঁ বুলি তোমাক বৰণ।
অপূৰ্ণ সাধনা মোৰ নহবনে জীৱনত পূৰ,
তোমাৰ পোহৰে আৰু নহ'ব নে অমানিশা দূৰ?
মনোময় মন্দিৰৰ সযতনে নিৰলা কোণত
বিকশিত ফুল তুলি জীৱনৰ কুসুম-বনত।
সঁজালো চন্দন মালা সুগন্ধিত অগৰু ধূপৰ,
জোনাকৰ  সূধা আনি পূৰ্ণিমাৰ জ্যোতি মনোহৰ
চন্দন শুকাই গ'ল মালতী কৰণিতে;

পূৰ্ণিমা

কোন স্বৰগৰ তুমি সৌন্দৰ্যৰ ৰাণী
শাৰদৰ পূৰ্ণিমা সুন্দৰী;
ঢালিছা ৰূপৰ ঢল মৰত বুকুত,
অমিয়াৰ তুলিছা লহৰী।
বিৰখ-লতাই সানি ৰূপালী ৰহণ
আকাশত নাচিছে তৰাই;
পাতিছা মোহন মেলা তুমি ধৰণীত

জনমভূমি

মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই
জনমৰ আদিম পূৱাত;
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত। 

মৰাৰ পিছতো যেন পাঁওহি আকৌ ঠাই
চেনেহৰ শীতলী কোলাত;
ভাগৰুৱা আতমাই শেষৰ জিৰণি লৈ
জিৰাবহি তোমাৰ ছাঁয়াত।
________________________________________

পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি,
বাঁহ লম ওখ বিৰিখত;
পূৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদী গীতত।

আকাশৰ তৰাহৈ ৰ লাগি চাম ৰৈ
সেউজীয়া শুৱনি জেউতি,
জোনাকত মিল হৈ বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি।

হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ
ফুলি ৰম মানসী বিলত;
মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
ঢুলাম তোমাৰ চৰণত।

নদী হৈ পখালিম দুখানি চৰণ নিতে,
মাটি হৈ মিলিম বুকুত,
সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।

তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু
আই মোৰ সৰগত বাস;
তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি
তুমি মোৰ তীৰ্থৰ প্ৰভাস।

অ' মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পঁজা
ৰচা তাত শান্তিৰ স্বৰগ;
ক'ত পাম এনে প্ৰতি সৰল প্ৰাণৰ ভাষা
সেৱাৰ মহিমাময় ত্যাগ।

দুখীয়াৰ ভগা পঁজা একেোখনি তীৰ্থ তাত
একেখনি পূণ্যৰ আশ্ৰম;
মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ
লও যেন পুণৰ জনম। 

নাটঘৰ

বিফলতা লৈয়ে এই ৰচিলো জীৱন-গীতি,
সৰি পৰে দুচকুৰ নীৰ,
বিশাল বিশ্বত মাথোঁ নয়নৰ লোৰে মোৰ
উপচিল সাগৰৰ তীৰ |
জীৱন সপোন-স্মৃতি দিঠকৰ মৰীচিকা
ছঁয়াময়া ছবি সপোনৰ,
জীৱনৰ অৱশেষ বিফলতা হা-হুতাহ
জোখ-মাখ আপোন-পৰৰ |