Showing posts with label নলিনীবালা দেৱী. Show all posts
Showing posts with label নলিনীবালা দেৱী. Show all posts

Friday, 21 November 2014

সাৰথি

 তোমাৰ পৰশে মোৰ মছি দিয়ে হিয়াৰ দীনতা,
লক্ষ্য-হীন জীৱনত দিয়া নিতে শান্তিৰ বাৰতা।
নিৰাশাৰ হুমুনিয়া বুকু ভাঙ্গি আহিলে ওলাই,
জনোৱা নীৰৱে তুমি- আছো মই, নাই যোৱা নাই।
গহীন আন্ধাৰ নিশা ফুৰোঁ যদি বাট খেপিয়াই
বনৰ মালতী গোন্ধে দিয়ে মোক বাট দেখুৱাই।
মলয় সুৰভি সানি যোৱা তুমি আঁচল উড়াই,
জনোৱা নীৰৱে, সখী আছো মই, নাই যোৱা নাই।

শেষ অৰ্ঘ্য

ৰৈ আছো শেষ অৰ্ঘ্য লৈ পূজোঁ বুলি তোমাৰ চৰণ
জীৱনৰ গধুলি পৰত কৰোঁ বুলি তোমাক বৰণ।
অপূৰ্ণ সাধনা মোৰ নহবনে জীৱনত পূৰ,
তোমাৰ পোহৰে আৰু নহ'ব নে অমানিশা দূৰ?
মনোময় মন্দিৰৰ সযতনে নিৰলা কোণত
বিকশিত ফুল তুলি জীৱনৰ কুসুম-বনত।
সঁজালো চন্দন মালা সুগন্ধিত অগৰু ধূপৰ,
জোনাকৰ  সূধা আনি পূৰ্ণিমাৰ জ্যোতি মনোহৰ
চন্দন শুকাই গ'ল মালতী কৰণিতে;

পূৰ্ণিমা

কোন স্বৰগৰ তুমি সৌন্দৰ্যৰ ৰাণী
শাৰদৰ পূৰ্ণিমা সুন্দৰী;
ঢালিছা ৰূপৰ ঢল মৰত বুকুত,
অমিয়াৰ তুলিছা লহৰী।
বিৰখ-লতাই সানি ৰূপালী ৰহণ
আকাশত নাচিছে তৰাই;
পাতিছা মোহন মেলা তুমি ধৰণীত

জনমভূমি

মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাত;
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত। 

মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই
চেনেহৰ শীতলী কোলাত;
ভাগৰুৱা আতমাই শেষৰ জিৰণি লৈ
জিৰাবহি তোমাৰ ছাঁয়াত।

পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি,
বাঁহ লম ওখ বিৰিখত;
পূৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদী গীতত।

নাটঘৰ

বিফলতা লৈয়ে এই ৰচিলো জীৱন-গীতি,
সৰি পৰে দুচকুৰ নীৰ,
বিশাল বিশ্বত মাথোঁ নয়নৰ লোৰে মোৰ
উপচিল সাগৰৰ তীৰ |
জীৱন সপোন-স্মৃতি দিঠকৰ মৰীচিকা
ছঁয়াময়া ছবি সপোনৰ,
জীৱনৰ অৱশেষ বিফলতা হা-হুতাহ
জোখ-মাখ আপোন-পৰৰ |