কবিঃ- ভোলানাথ দাস
নিস্তব্ধ বাসৱ সভা ।সভাতলে আজি
বসিছে ত্ৰিদিববাসী ত্ৰিদিবেশ সহ
বিমৰ্ষে নীৰৱ হুয়া; নাহি বাক্য মুখে,
কষ্ঠ-পুত্তলিকাগণ বাক্যহীন যথা।
উল্লাস, আনন্দ, নৃত্য, গীত-বাদ্য-ধ্বনি
বৰাজিত যেহি স্থলে-মহোৎসৱে যেন-
অবিৰল, আজি হয় বিৰস সি গৃহ।