কবিঃ-
জ্যোতিপ্ৰসাদ আগৰৱালা
শক্তি পুত্ৰ মই,
ভক্তি বুকুত লই,
মূক্তি প্ৰয়াসী হই,
অৰ্জ্জুন মই, গাণ্ডীবী মই,
ময়েই ধনঞ্জয় – মৃত্যুক কৰিছোঁ জয়;
ময়ে অসমৰ,
ময়ে ভাৰতৰ,
ময়ে ডেকা ল’ৰা অগ্নিময় |
ময়ে ভাৰতৰ নবীন
সূৰ্য্য,
পূৰ্বাচলত বজাওঁ
তূৰ্য্য।