Showing posts with label গণেশ গগৈ. Show all posts
Showing posts with label গণেশ গগৈ. Show all posts

Friday, 25 September 2015

ৰূপজ্যোতি

কবিঃ-গণেশ গগৈ

ৰূপৰ জেউতি সখী                  নাশিব নোৱাৰে কেৱে

নিজৰ ৰশ্মিতে মাথোঁ নিজে মাৰ যায়,

 এন্ধাৰে আঁঠুৱা তৰি                 বাধা দিয়ে অৰুণক

তেওটোঁ পুৱাতে আহি পোহৰ বিলায়।

 

আই


কবিঃ- গণেশ  গগৈ



অসম, অসম, অসম

            জন্মভূমি তীৰ্থ ঠাই;

ধন্য আমাৰ জন্ম,  জননী পুণ্যপদৰ পৰশ পাই ।

             সোণৰ অসম নহৱ আই, তই
             ৰূপৰ অসম নহৱ;

প্ৰলাপ


কবিঃ- গণেশ গগৈ



অৰুণৰ কত হিৰণ কিৰণ

            আকাশী জোনৰ ৰূপালী ৰূপ,

অকালতে আজি নিঠুৰ নিৰস

            কোন যাদুকৰে কৰিলে লোপ ?


এই নীলিমাতে দেখিছিলো

            কত কোটি তাৰকাৰ হেতালি খেলা,

গোজৰিণি মৰা কলীয়া নেঘৰ

            বলীয়া জাননী বাৰিষা বেলা !