কবিঃ- কমলানন্দ
ভট্টাচাৰ্য্য
চৰাই হালধীয়া, পাখিও
ধুনীয়া,
মাতিলি অমাতৰ মাত
বিনন্দীয়া, মাতিলি অমাতৰ মাত!
আমোলাই বননি, উঠিলে বিননি কি জুই লগালি গাত,
ঐ বলিয়া কি জুই লগালি
গাত ?
জুৰকৈ বলিলে পছোৱা
বা-ছাটি
আমৰ মল সৰালে বাত!