Showing posts with label সূর্য্যকুমাৰ ভূঞা. Show all posts
Showing posts with label সূর্য্যকুমাৰ ভূঞা. Show all posts

Friday, 9 October 2015

সৃষ্টি পাতনি

কবিঃ-সূর্য্যকুমাৰ ভূঞা

সেই প্ৰলয়ৰ দিনা,

তুমি প্রভু হাতত ললা তোমাৰ ৰুদ্ৰ বীণা।

আনন্দময় নাছিল কোনো,

আছিল নিমাত অৰুণ জোনো,

দিগন্তেদি  উঠিল জ্বলি ভীষণ উদ্দীপনা;

যিদিনা তুমি হাতত ল'লা তোমাৰ ৰুদ্ৰ বীণা।