Showing posts with label হিতেশ্বৰ বৰবৰুৱা. Show all posts
Showing posts with label হিতেশ্বৰ বৰবৰুৱা. Show all posts

Wednesday, 7 October 2015

অনিত্য


কবিঃ-হিতেশ্বৰ বৰবৰুৱা



 নহয় মানৱ মাথোঁ-গোটেই জগত

( বিভূজন সৃজন যত ) অনিত্য সবেই।

সৌ যে দূৰত দেখা পৰ্বতৰ চুড়া

শিলেৰে বন্ধোৱা ঘৰ, দেৱৰ মন্দিৰ

কিম্বা ৰাজ-নিকেতন, উন্নত শৰীৰ

( কি সুন্দৰ ৰত্নময় ) চুৰ্ণ হব সৱে ।

চকুলো


কবিঃ- হিতেশ্বৰ বৰবৰুৱা



নোলায় চকুলো মোৰ পুত্ৰৰ শোকত,  প্ৰভূ!

পুত্ৰ শোক সন্তাপৰ নোহে ইটো চিন।

ই যে মুকুতাৰ মালা, তোমাৰেই প্ৰতিদান,

-দেৱমনোলোভা ৰত্ন - শোভে ৰাতি দিন

Friday, 25 September 2015

স্বদেশৰ স্বাধীনতা


কবিঃ হিতেশ্বৰ বৰবৰুৱা




স্বদেশৰ স্বাধীনতা, তাৰ অৰ্থে যিটো

জীৱন উচৰ্গা কৰি মৰে সমৰত--

মৃত্যু তাৰ হয় শান্তি;  মহানিদ্ৰা তাৰ

অনন্ত বিশ্ৰাম মাথোঁ বিশ্ব জননীৰ

কোলাত (শান্তিৰে ভৰা); অগ্নি তাৰ কাষে

সুধাংশুৰ ৰশ্মি যেন; ভুমি শয্যা তাৰ

ফুলৰ কোমল শয্যা; শেল শূল গাত

মাথোঁ পুষ্প বৰিষণ।








কাণৰ থুৰীয়া



কবি:-হিতেশ্বৰ বৰবৰুৱা

পূৰ্ব জনমৰ, জানো কোন পুণ্যবলে
থুৰীয়াজনম পালি তই জগতত।
শোওতে খাওঁতে কিম্বা উঠোতে বহোঁতে
চুমা দিয়া প্রেয়সীৰ কোমল গালত।

কবি

হিতেশ্বৰ বৰবৰুৱা


মৰতত থাকি তুমি নিতে লোৱা ঘ্ৰাণ

নন্দন বনত ফুলা পাৰিজাত ফুল

আঁকা কত ছবি তুমি সুন্দৰ অতুল

অমৰাপুৰৰ কবি, অমৰ পৰাণ!