Showing posts with label চন্দ্ৰকুমাৰ আগৰৱালা. Show all posts
Showing posts with label চন্দ্ৰকুমাৰ আগৰৱালা. Show all posts

Tuesday, 12 April 2016

সেৱা-লহৰী- (ল'ৰা-ছোৱালীৰ গান)



কবিঃ- চন্দ্ৰকুমাৰ আগৰৱালা

নেজানো প্ৰণতি
ভক্তি তুতি-নাতি
                                    সেৱাই আমাৰ গতি।
সেৱাতে অৰ্পিম
ধৰম কৰম
                                    ক্ষুদ্ৰ আমাৰ শক্তি।

নঙঠা ফকীৰ



কবিঃ- চন্দ্ৰকুমাৰ আগৰৱালা


সত্যত অটল আস্থা নিছলা শৰীৰ,
লুকাবলৈ একো নাই নঙঠা ফকীৰ।
দুখীয়াৰ দুখত বাকি হৃদয় ৰুধিৰ,
সৰ্বস্বান্ত হ'লা তুমি নঙঠা ফকীৰ।

Sunday, 1 November 2015

পখিলা/ কোন দেশৰ প্ৰাণী তুমি



কবিঃ- চন্দ্ৰকুমাৰ আগৰৱালা



ফুটুকীয়া সাজ তোমাৰ

হেঙুলীয়া ৰেখা;

কেতেকী ৰেণুৰে ঘঁহা

নাচনী পখিলা।

আগলি পাতত বহি তুমি

ৰ'দ-কাচলি লোৱা

ফুলৰ পাহিত আসন পাতি

ফুলৰ মৌ খোৱা।

Saturday, 10 October 2015

নিয়ৰ




কবিঃ- চন্দ্রকুমাৰ আগৰৱালা 

 

মুকুতা মণিটি পাহিত জিলিকে

ফটিক পানীত ধোৱা,

নিশাৰ তৰা এটি সৰিয়েহে আছে

সৰগত টোপনি যোৱা।

Wednesday, 30 September 2015

তেজীমলা


কবিঃচন্দ্রকুমাৰ আগৰৱালা




তেজগোৰা বেলি                     জিলিকনি মেলি


সাৱটিব আহি ধৰা;


পূৱাতে   মলয়া                        উঠি ছঁয়া-ময়া


বোলে  উঠা তেজীমলা।
 

Friday, 26 December 2014

বীণ ব'ৰাগী

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা

আঙুলি বুলাব জনা হ'লে আজি
    পেলালোহেঁতেন টানি,
হিমালয় চূড়া বোলালোহেঁতেন
    উছলি কলীয়া পানী ।

মাধুৰী

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা

ফুটোঁ নে নুফুটোঁকৈ
    কুমলীয়া কলিটি,
ওঁঠৰ লাজেৰে ৰৈ
    মিচিকিয়া হাঁহিটি  ।
সামৰি, পাহৰি গৈ
    মেলি আধা প্ৰাণটি,
উদঙাই ঢাকি থৈ
    উঠি অহা বুকুটি ।

সংশয় ৰহস্য

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা

শুকুলা হাতীত উঠি গোঁসায়ে দেখিলোঁ
                এন্ধাৰত দিলেহি পোহৰ মেলি ;
বিৰাট ক'লীয়া এটা দানৱ  লৰি আহি
                পাতিলেহি ঘূৰি এন্ধাৰ বেমেলি ।
হাঁহি সাগৰত উঠি বেজাৰ ধুমুহা
               বুৰালে সহস্ৰ জীৱন-তৰণী,
ওফন্দি বিৰহ হ্ৰদ ক'লীয়া পানীৰ
               প্ৰণয়ৰ বান্ধ দিলেহি ভাঙি ।

প্ৰকৃতি

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা



ফুল-কলি ফুলি গোন্ধ    বোৱাই প্ৰীতিৰ সোঁত
    সৰি পাছে  নাইকিয়া হ'ল ;
সি ফুলৰ মউ পিয়া    এটি ভোমোৰা বলিয়া
    ঘূৰি ঘুৰি ফুৰিছে অকল ।

মানৱ বন্দনা

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা

আহিছে মানুহ         গইছে মানুহ
    মানুহ ময়াপী জীৱ ;
মানুহ-সোঁতৰ         অন্ত নাইকিয়া'
    বুলিলে মৰত কিয় ?

তেজীমলা

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা
তেজগোৰা বেলি     জিলিকনি মেলি
    সাবটিব আহি ধৰা ;
পূৱাতে মলয়া         উঠি ছঁয়া-ময়া
    বোলে উঠা তেজীমলা ।