Showing posts with label আনন্দ চন্দ্ৰ বৰুৱা. Show all posts
Showing posts with label আনন্দ চন্দ্ৰ বৰুৱা. Show all posts

Friday, 25 September 2015

ভাবী প্ৰিয়া



কবিঃ- আনন্দ চন্দ্ৰ বৰুৱা




কোন তুমি কেনি আছা কতেবা লুকাই -
মাজে মাজে মাৰিছা ভূমূকি?
নেদেখি দেখিছো যেন শুনি শুনিছোঁ
তোমাৰেই দীঘলীয়া উকি ।


প্ৰতিধ্বনি আহি যেন মোৰ মৰমত
ঠেকা খাই নিনাদি উঠিছে;
বসন্ত বায়ুৰ দৰে তোমাৰ কথাটি
হৃদয়ত বিয়পি পৰিছে।