কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা
ফুটোঁ নে নুফুটোঁকৈ
কুমলীয়া কলিটি,
ওঁঠৰ লাজেৰে ৰৈ
মিচিকিয়া হাঁহিটি ।
সামৰি, পাহৰি গৈ
মেলি আধা প্ৰাণটি,
উদঙাই ঢাকি থৈ
উঠি অহা বুকুটি ।
সোলকাই মোকলাই
আধাবন্ধা খোপাটি ,
হয় নে নহয় কৈ
আধাফুটা মাতটি
শুনো নে নুশুনো ঐ
উটি অহা গীতটি ,
ৰিণিকি ৰিণিকি কৈ
কৰবাৰ বাঁহীটি ।
উচুপি নিচুপি গৈ
খন্তেকীয়া ঠেঁহটি ।
লুকুৱা-ভুমুকা কৈ
ছয়া-ময়া পেছটি ।
হাঁহোৱেই নে কান্দোকৈ
ছলছলীয়া চকুটি,
ধেমালি -খঙৰ নৈ
মিঠা গাঁঠি খোপাটি ।
ওলাওঁ নোলাও কৈ
মনোমোহা ঠগটি
ন যযৌ ন তস্থৌ
অগাপিচা ভৰিটি,
সান্-মিহলিৰ নৈ
ওভটনি সোঁতটি ;
সাঁথৰ ভাঙনি হৈ
পানী-মিঠৈ গোটটি
চাওঁ নে নেচাওঁ কৈ
মৰমৰ দেহিটি
দেৱী নে মানৱী ঐ
মাধুৰীৰ ছবিটি ।
ফুটোঁ নে নুফুটোঁকৈ
কুমলীয়া কলিটি,
ওঁঠৰ লাজেৰে ৰৈ
মিচিকিয়া হাঁহিটি ।
সামৰি, পাহৰি গৈ
মেলি আধা প্ৰাণটি,
উদঙাই ঢাকি থৈ
উঠি অহা বুকুটি ।
সোলকাই মোকলাই
আধাবন্ধা খোপাটি ,
হয় নে নহয় কৈ
আধাফুটা মাতটি
শুনো নে নুশুনো ঐ
উটি অহা গীতটি ,
ৰিণিকি ৰিণিকি কৈ
কৰবাৰ বাঁহীটি ।
উচুপি নিচুপি গৈ
খন্তেকীয়া ঠেঁহটি ।
লুকুৱা-ভুমুকা কৈ
ছয়া-ময়া পেছটি ।
হাঁহোৱেই নে কান্দোকৈ
ছলছলীয়া চকুটি,
ধেমালি -খঙৰ নৈ
মিঠা গাঁঠি খোপাটি ।
ওলাওঁ নোলাও কৈ
মনোমোহা ঠগটি
ন যযৌ ন তস্থৌ
অগাপিচা ভৰিটি,
সান্-মিহলিৰ নৈ
ওভটনি সোঁতটি ;
সাঁথৰ ভাঙনি হৈ
পানী-মিঠৈ গোটটি
চাওঁ নে নেচাওঁ কৈ
মৰমৰ দেহিটি
দেৱী নে মানৱী ঐ
মাধুৰীৰ ছবিটি ।
ওঁঠৰ লাজেৰে ৰৈ নে ওঁঠত লাজেৰে লৈ?
ReplyDeleteশুনোনে নুশুনো ঐ নে শুনোকি নুশুনোকৈ?
Please give me the summary of the poem
ReplyDeleteকবিতাটিৰ মূলভাব টো upload কৰিলে আৰু ভাল আছিল
ReplyDeleteওঁঠৰ লাজেৰে ৰৈ নে ওঁঠত লাজেৰে লৈ?
ReplyDeleteসৌন্দর্য চেতনাটো upload কৰিব চোন
ReplyDelete