কবিঃ–চন্দ্রধৰ বৰুৱা
যিদিনা মৰিম মই,সেইদিনা বাৰু
জগতৰ কেনি হানি হ’ব ?
মৰিলোঁ নে আছোঁ,মই,এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব ?
মই মৰিলেও দিন গ’লে ৰাতি হ’ব,
জোন বেলি ওলায়ে থাকিব;
গছত ফুলিব ফুল,বতাহ বলিব,
নিজ বাটে নক্ষত্র ঘূৰিব ।
আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰত কোনো নিয়মৰে
লৰচৰ অলপো নহয় ।
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নাপাব ।
অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্র ধূলিকণা মই;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কেনিও অকণো হানি নাই ।
সুন্দৰ!
ReplyDeleteভাল লাগিল
ReplyDeleteবহুত ভাল লাগিল পুৰনি কবিতা পাই ।
ReplyDeleteবহুত দিন আগত পঢ়া কবিতাটো পঢ়ি মনত পৰি গল হাইস্কুলীয়া দিনলৈ
ReplyDeleteবহুত ভাল লাগিল।
ReplyDeleteমূল ভাবটো লাগিছিল , দিব পাৰিব নেকি ?
ReplyDeleteহৃদয় চুই যোৱা কবিতা।😌
ReplyDeleteহৃদয়ংগম কবিতা ।
ReplyDeleteপ্রিয় কবিতাৰ ভিতৰত অন্যতম।শব্দ বোৰত বিশাল অৰ্থ সোমাই আছে
ReplyDeleteএটা অতি সুন্দৰ কবিতা। সেই স্কুলৰ পাঠ্যপুথিত পঢ়োতেই মনত সাচঁ বহুৱাইছিল।
ReplyDeleteঅতি সুন্দৰ কৱিতা।
ReplyDeleteড. অৰুণিমা দাস হাজৰিকা।
সুন্দৰ সত্য জীৱন্ত কবিতা
ReplyDeleteThis poem has a deep meaning
ReplyDeleteভাবগভীৰ কবিতাটো পঢ়িয়েই ভাল লাগি যায়
ReplyDeleteহঠাৎ মনত পৰিল কবিতটোলৈ। বিচাৰি এবাৰ পঢ়িলো।ভাল লগিল।
ReplyDeleteBhal lagile
ReplyDeleteবৰ সুন্দৰ
ReplyDeleteমই ভালপোৱা কবিতাৰ ভিতৰত অন্যতমধুনীয়া কবিতা
ReplyDeleteঅতি সুন্দৰ, মই বৰ ভাল পাইছোঁ। আপোনাক অশেষ ধন্যবাদ এই পেজটো আগবঢ়াই দিয়াৰ বাবে। সকলোৱে আঁকোৱালি লওক
ReplyDeleteইমান সত্য, বাস্তৱ পৃথিৱীৰ প্ৰকৃত স্বৰূপ কবিতাৰ আকাৰত সৃষ্ট এই কবিতাই অনুভূতি পূৰ্ণ সজাগতা ৰে জগাই দিলে পাঠকক... কি সুন্দৰ সৃষ্টি !
ReplyDelete