Saturday, 25 June 2016

মৰমৰ আই



কোনে মোক তুলি -তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷

চেনেহৰ চকুপানী ধাৰেৰে বোৱাই
কোনে মোক ৰাখিছিল বুকুত শুৱাই;
টোপনিত লালকাল মুখখনি চাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷

কান্দিছিলোঁ যেৱে নৰিয়াত দুখ পাই;
একেথিৰে কোনে মোৰ মুখলৈ চাই,
মৰোঁ বুলি কান্দিছিল কাঢ়ি হুমুনিয়া
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷

হইছিলোঁ থিয় যেৱে অত তত ধৰি
পৰিলেনো কোনে গই ততালিকে লৰি;
নিচুকাইছিল মোক নাম গুণ গাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷

20 comments:

  1. Replies
    1. মূল বানান শৈলী ৰখাৰ চেষ্টা কৰা হৈছে। তথাপি কিবা থাকি গ'লে নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে যেন

      Delete
    2. বহুত সুন্দৰ
      এই কবিতা খনে মন চুই যায়

      Delete
  2. অতি সুন্দৰ

    ReplyDelete
  3. কবিৰ নামটো জনাবনে?

    ReplyDelete
  4. কবিৰ নামটো জনাবনে?

    ReplyDelete
  5. আনন্দ চন্দ্ৰ আগৰৱালা

    ReplyDelete
  6. বানান ভুল ৷ ঁ(চন্দ্ৰবিন্দুক) বনবাসলৈ পঠিয়ালে ৷ যেবে আৰু যেৱে এই শব্দ দুটাৰ সৈতে প্ৰথম পৰিচয় হলোঁ ৷ শব্দ দুটাৰ অৰ্থ বুজি নাপালোঁ ৷

    ReplyDelete
    Replies
    1. যেৱে মানে যেতিয়া । আজি- কালি কম চলা শব্দ।

      Delete
  7. আজিও এই কবিতাই মন গহনত আলোড়ন তোলে।

    ReplyDelete
  8. যেৱে মানে যেতিয়া বুজাইছে । এইটো আজি-কালি কম চলা শব্দ।

    ReplyDelete
  9. কবিতাটোৰ শেষৰ ৪ শাৰী থাকি গল ।

    ReplyDelete
  10. মৰোঁ বুলি কান্দিছিল কাঢ়ি হুমুনিয়া!
    তেৱেঁ মোৰ মৰমৰ আই পূজনীয়া।

    অংশটো এইদৰেহে শুদ্ধ। আচল উত্সটো (Original Source) এবাৰ চাই ল'বচোন।

    ReplyDelete