কোনে মোক তুলি -তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷
চেনেহৰ চকুপানী ধাৰেৰে বোৱাই
কোনে মোক ৰাখিছিল বুকুত শুৱাই;
টোপনিত লালকাল মুখখনি চাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷
কান্দিছিলোঁ যেৱে নৰিয়াত দুখ পাই;
একেথিৰে কোনে মোৰ মুখলৈ চাই,
মৰোঁ বুলি কান্দিছিল কাঢ়ি হুমুনিয়া
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷
হইছিলোঁ থিয় যেৱে অত তত ধৰি
পৰিলেনো কোনে গই ততালিকে লৰি;
নিচুকাইছিল মোক নাম গুণ গাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷
বানান ভুল।
ReplyDeleteমূল বানান শৈলী ৰখাৰ চেষ্টা কৰা হৈছে। তথাপি কিবা থাকি গ'লে নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে যেন
Deleteহাই
Deleteবহুত সুন্দৰ
Deleteএই কবিতা খনে মন চুই যায়
Nice nobita
Deleteঅতি সুন্দৰ
ReplyDeleteকবিৰ নামটো জনাবনে?
ReplyDeleteমৰমৰ আই
Deleteচন্দ্ৰকুমাৰ আগৰৱালা
Deleteকবিৰ নামটো জনাবনে?
ReplyDeleteআনন্দ চন্দ্ৰ আগৰৱালা
ReplyDeleteবানান ভুল ৷ ঁ(চন্দ্ৰবিন্দুক) বনবাসলৈ পঠিয়ালে ৷ যেবে আৰু যেৱে এই শব্দ দুটাৰ সৈতে প্ৰথম পৰিচয় হলোঁ ৷ শব্দ দুটাৰ অৰ্থ বুজি নাপালোঁ ৷
ReplyDeleteযেৱে মানে যেতিয়া । আজি- কালি কম চলা শব্দ।
Deleteআজিও এই কবিতাই মন গহনত আলোড়ন তোলে।
ReplyDeleteমৰমৰ আই
ReplyDeleteতথথথ
ReplyDeleteBohut Dhuniya, Thanks for Sharing, Kuntu Class ot Porhisilu Pahorilu Kintu Ear logot emotion Jorito Hoi ase
ReplyDeleteযেৱে মানে যেতিয়া বুজাইছে । এইটো আজি-কালি কম চলা শব্দ।
ReplyDelete