কবিঃ- দূৰ্গেশ্বৰ শৰ্মা
বই যোৱা, গই থাকা চেঁচা পানী ধাৰিসাগৰত কৰ দিয়াগৈ;
তোমাৰ পাৰত মোৰ নপৰিব ভৰি
কেতিয়াও চিৰ কাললৈ ;
লাহে লাহে বৈ যোৱা পথাৰে-সমাৰে
জান গুচি হোৱাগৈ নৈ;
নুফুৰোঁ তোমাৰ আহি এই পাৰে পাৰে
কেতিয়াও চিৰকাললৈ ।
নল গজি হুমুনিয়া ইয়াতে পেলাব
বিৰিণা কঁপিব ৰৈ ৰৈ ;
ভোমোৰায়ো আহি নানা গীত মাত গাব
পাৰেমানে চিৰকাললৈ ।
হেজাৰ সুৰুয বব তোমাৰ দেহত
নাচিবও হেজাৰ চন্দ্ৰই;
নপৰিব ভৰি মোৰ তোমাৰ পাৰত
কেতিয়াও চিৰকাললৈ ।
No comments:
Post a Comment