কবিঃ-ৰঘূনাথ
চৌধাৰী
পুষ্প কাননত আছিল এজুপি
ধুনীয়া শেৱালী ফুল।
ধীৰ প্ৰৱাহত হইছিল ধৰা
গোন্ধতে আমোলমোল।
আকাশ নৰ্তকী খঞ্জনী অপ্সৰা
বিচিত্ৰ কাচোনে কাচি,
বিৰহ বিধুৰা প্ৰকৃতিবালাক
দিছিল অমিয়া যাচি।
নিষ্ঠুৰ নিদাঘ আহিল যিদিনা
সকলো পৰিল জঁয়,
সৰি গ'ল ফুল উৰি গ'ল পখী
জগত বিষাদদময়।
আকৌ এদিন আহিব শৰত
হাঁহিব শেৱালী পাহি,
ঠেও ধৰি ধৰি কৰিব নৰ্তন
খঞ্জনী পখীটি আহি।
হ'ব কুসুমিত কুসুমাভৰণা
কুসুম কাননখনি,
ধীৰে সমীৰণে কুসুমে কুসুমে
দিব পৰিমল সানি।
কিন্তু মোৰ সেই মানস-কুসুম
গইছে যিদিনা সৰি,
সৌন্দৰ্য্য-পৰাগ-শূন্য হিয়াখনি
নুঠে আৰু ঠন ধৰি।
No comments:
Post a Comment