কবিঃ- দূৰ্গেশ্বৰ শৰ্মা
আমি মাটিৰ পুতলা নাচিব লাগিছো
কোনে নচায় নেদেখোঁ,
আমি কাৰবাৰ বাঁহী বাজিব লাগিছো
কোনে বজায় নেদেখোঁ।
আমি কাৰবাৰ গুণ গাবই লাগিছোঁ
নিজকে নিজে পাহৰি;
আমি কাৰবাৰ কাম কৰিব লাগিছোঁ
অলপ নাই আহৰি।
আমি ভাও লৈ লৈ বিশ্বৰ ভাৱনা
সদায় পাতিব লাগিছো;
আমি ঠিক ভাৱৰীয়া হাঁহি কান্দি নাচি
নিজ ভাও নিজেই জানিছোঁ।
আমি নাচিব লাগিছোঁ গোটেই জীৱন
কাৰ সুৰত নেজানো;
আমি গাবই লাগিছো গোটেই জীৱন
কাৰ গান নেজানো !
কাৰ সুৰত নেজানো;
আমি গাবই লাগিছো গোটেই জীৱন
কাৰ গান নেজানো !
আমি মাটিৰ পুতলা নাচিব লাগিছো
কোনে নচায় নেদেখোঁ,
আমি কাৰবাৰ বাঁহী বাজিব লাগিছো
কোনে বজায় নেদেখোঁ।
আমি কাৰবাৰ গুণ গাবই লাগিছোঁ
নিজকে নিজে পাহৰি;
আমি কাৰবাৰ কাম কৰিব লাগিছোঁ
অলপ নাই আহৰি।
আমি ভাও লৈ লৈ বিশ্বৰ ভাৱনা
সদায় পাতিব লাগিছো;
আমি ঠিক ভাৱৰীয়া হাঁহি কান্দি নাচি
নিজ ভাও নিজেই জানিছোঁ।
No comments:
Post a Comment