Monday, 15 December 2014

সৈনিকৰ সোঁৱৰণি

কবিঃ- এম ইব্ৰাহিম আলি

লুইত আহিলো থৈ চাপৰি আহিলো থৈ
        আহিলো পাহৰি থৈ পাৰৰ মৰম ।
গৰা খহনীয়া ঘাট - দুবৰি আবৰা বাট
        অতীতৰ মাথো এটি স্মৃতি অনুপম॥




শৰত কঁহুৱা ফুলি আজিও পৰিছে ঢলি
        আজিও উৰিছে জানো চাকৈ-চকোৱা।
শেহ নিশা সাৰ পাই ডাউকী কান্দিছে হায়
        কেতেকী বিনাই " মোৰ প্ৰিয় কত কোৱা" ॥

সেই বাটে তুমি সোণ আজিও আহিছা জানো
        কাষত কলহ লৈ চমকি থমকি ।
লাজুকী লতাৰ পাত লেৰেলি পৰিছে তাত
        আবৰি বাবৰি ফুল উঠিছে পুলকি॥

সকলো পাহৰি থৈ অকলে আহিলো লৈ
        মাথো এটি পাহৰিব নোৱাৰা সপোন ।
মৰণ-লগৰী যাৰ কিনো আছে তাৰ
        তাতোকৈও চেনেহৰ তাতোকে আপোন ॥

কোনোবা এদিনা আহি চকুত উঠিল ভাহি
        কৰবাৰ অচিনাকী লাৱনী চাৱনী
কিবা এটি পুলকত - কিবা এটি হৰষত
        যৌৱন বাগৰি গ'ল প্ৰেম মন্দাকিনী ।

যোৱনৰ মহাবাণী যিখিনি হিয়াই আনি
        পৰশ জগাই দিলে পোন প্ৰথমতে
সিখনি হিয়াৰ ভাষা মিলন অমিয়া আশা
        পাহৰিম জীৱনত বাৰু কোন সতে?

আহিছো আঁতৰি সোণ নকৰিবা অভিমান
        অনুৰোধ তুমি মোক নাযাবা পাহৰি
সুখে দুখে জীৱনৰ তুমি হবা প্ৰিয়ে মোৰ
        যৌৱন-বিৰহী সখী কবিতা কুঁৱৰী ॥

তেজৰ ৰাঙলী দাগ মছি মোৰ কলিজাত
        তুমি দিবা আঁকি সোণ কনক আবিৰ
আজিৰ অগনি তাপ বিৰহৰ অভিসাপ
        সকলো আঁতৰি যাব দৰদী কবিৰ ।

আহাৰৰ ডাৱৰত বাতৰি আহিব উৰি
        লুইত আকৌ বব দুপাৰ বুৰাই
পাহাৰৰ কাষৰত হৰিণী চমকি ৰব
        সুকোমল সেউজীয়া দুবৰি চোবাই ॥

তোমাৰ ঘাটতে গৈ নাওখনি ৰবগৈ
        পূবত হেঙুলি বেলি কিনা বিলাই
দিগন্তৰ অঞ্চলত আঁচল সামৰি লৈ
        হাঁহিব এদিন পুনু লাহতী উষাই ।

সোণৰ চেকুৰা বালি দুপাৰত ৰং ঢালি
        তোমাৰ খোজত ৰব চেনেহৰ চিন ।
নিৰলাৰ আঁৰলত উঠিব আপুনি বাজি
        ভাগৰুৱা সৈনিকৰ বুকু ভগা বীণ॥



No comments:

Post a Comment