কবিঃ- অম্বিকাগিৰি ৰায়চৌধূৰী
তুমি বসন্তৰ চুমা পাই
বিলাসিনী ষোল বছৰীয়া;
আউলী বাউলী হোৱা
মিলনত হৈ মতলীয়া ।
তুমি হিয়াত সামৰি লৈ
কাৰ এনে উদ্ভ্ৰান্ত হেঁপাহ
সুন্দৰীৰ ত্ৰিৱলিত
সাজি থোৱা সৌন্দৰ্যৰ বাঁহ ।
তুমি নিটোল নিতম্বধ্বনি
খোজে পতি উঠা কঁপি কঁপি
সুখেৰে নিমগ্ন তাত
মিলনৰ মন্ত্ৰ জপি জপি ।
তুমি কেৰাহি কটাক্ষ এটি
চেনেহীৰ চকুৰ চুকত ;
চুমাৰ হেঁপাহ এটি
ভৰপূৰ জোনালী বুকুত ।
তুমি প্ৰেমেৰে ভৰাই ৰাখি
সুন্দৰীৰ ক'লা চকুযুৰি,
কিবা জুই জালি দিয়া
কিয় মোৰ অন্তৰ আগুৰি !
তুমি বসন্তৰ চুমা পাই
বিলাসিনী ষোল বছৰীয়া;
আউলী বাউলী হোৱা
মিলনত হৈ মতলীয়া ।
তুমি হিয়াত সামৰি লৈ
কাৰ এনে উদ্ভ্ৰান্ত হেঁপাহ
সুন্দৰীৰ ত্ৰিৱলিত
সাজি থোৱা সৌন্দৰ্যৰ বাঁহ ।
তুমি নিটোল নিতম্বধ্বনি
খোজে পতি উঠা কঁপি কঁপি
সুখেৰে নিমগ্ন তাত
মিলনৰ মন্ত্ৰ জপি জপি ।
তুমি কেৰাহি কটাক্ষ এটি
চেনেহীৰ চকুৰ চুকত ;
চুমাৰ হেঁপাহ এটি
ভৰপূৰ জোনালী বুকুত ।
তুমি প্ৰেমেৰে ভৰাই ৰাখি
সুন্দৰীৰ ক'লা চকুযুৰি,
কিবা জুই জালি দিয়া
কিয় মোৰ অন্তৰ আগুৰি !
No comments:
Post a Comment