কবিঃ- কমলাকান্ত
ভট্টাচাৰ্য
জোনাক ৰাতিটি ৰূপহী
হাঁহিটি
শুৱায় জগত কিনো বিতোপন
:
নিচুক জগত নিজাৰ
কোলাত
কোনে মন্ত্ৰ মাতি হৰিলে
চেতন ?
এনেনো গভীৰ ৰজনীত মোৰ
কি কাৰণে আজি টোপনি নাই, ,
নিদিলা আশ্ৰয় আজি কিয় হায় ?
শান্তি-কোলা পাতি
মোহিনী নিদ্ৰাই ?
আজি কিয় মন অথিৰ সঘন
কিনো চিন্তাবোৰ আনিলে
মাতি ?
নেযাওঁ টোপনি নাহে টোপনি
জন্মভূমি-দুখে দুখী মন
অতি।
পূৰ্ণিমা জোনটি ৰূপহী হাঁহিটি
এৰি, হাত যোৰোঁ, কৰা
পলায়লন;
তোমাৰ কিৰণ নকৰে শোভন
দূৰ্ভগা অসম পাপৰ বদন।
লুকুৱা বদন অন্ধকাৰ
যেন
আহি গৰাসোক অসম ধৰা;
ই দুটি নয়নে যেন চাৰিপিনে
নেদেখা অসম এলাহত মৰা।
মেলি চিন্তা-চকু জগতক দেখোঁ
কেনে উলাহিছে সবাও জাতি;
নাচিছে ইংলণ্ড প্ৰতাপী প্ৰচণ্ড
ধনী, মানী, জ্ঞানী,
চতুৰ অতি।
সৌ দেখো চীন অতিকৈ
প্ৰাচীন,
কাণীয়া বুলি যাক জগতে
কয়;
বুৰঞ্জীয়ে যাক ভীৰু বুলি ডাক
দিছিল এদিন, আজি তাৰ
জয়।
দেখোঁ যে ব্ৰিটন, ফৰাচী, জাৰ্মান
কোনেও ওচৰত নেযায় ভয়ত;
কালিৰ জাপানে কেনে ধনে-মানে
নাচিছে আহ্লাদে উজলি
জগত।
শিল্প-বাণিজ্যত দেশ পৈণত
সবে নৰ-নাৰী সৌভাগ্যে
ভৰা;
সবে ৰং মনে হাঁহিছে সঘনে
হায়, হে অসম, কি বাবে মৰা ?
ইবোৰ দেখিলে বৰ হিয়া জলে
অসমৰ দশা পৰেহি মনত ।
অসম সন্তানে হেৰুৱাই জ্ঞান
যেন মৃত-প্রায়
এলাহ-খাটত ।
পূর্ণিমাৰ জোনটি ৰূপহী হাঁহিটি
এৰি, হাত যোৰো, কৰা পলায়ন ,
তোমাৰ কিৰণ নকৰে শোভন
দুৰ্ভগা অসম পাপৰ বদন ।
লুকুৱা বদন, অন্ধকাৰ
যেন
অসম গৰালোক অসম ধৰা ,
ই দুটি নয়নে যেন চাৰি পিনে
নেদেখোঁ অসম এলাহত মৰা
৷
অসম জননী জনম দুখুনী
দুখীয়া, সোৰোপা তাৰ কু-সন্তান;
অপমান জ্ঞান নকৰে অলপো ,
নিজ হীনতাত নাই অভিমান ?
কি দেখোঁ অসম যতেক সন্তান
আতি নিমাখিত লাজ লগা
নাম।
আনৰ গোলাম নাই অপমান
ভাৰতবৰ্ষত আৰ্যৰ দূৰ্নাম
।
No comments:
Post a Comment