বহাগ মাহত গছৰ ডালত
ফুলে কপৌ ফুল,
জেঠ মহীয়া বেলিৰ তাপত
শৰীৰ বিয়াকুল।
আহাৰ মাহত গছত লাগে
আম কঠাল জাম,
শাঁওন মাহত বৰষুণত
সাধু শুনাই কাম।
ভাদ মাহত মহাপুৰুষ
দুয়ুজনাৰে তিথি,
আহিন মাহত দুবৰি বন
হিমত থাকে তিতি।
কাতি মাহত আকাশ বন্তি
জ্বলাও শাৰী শাৰী,
আঘোন মাহত সোণালী ধান
পথাৰ থাকে ভৰি।
পুহমহীয়া জাৰত কপি
নিহালিখন লও,
মাঘ যে আমাৰ ভোগালী মাহ
বিহুৰ পিঠা খাও।
ফাগুন আহে পলাশ ফুলে
পছোৱা বতাহ বয়,
চ'তৰ শেষত নতুন বছৰ
আদৰি লবৰ হল ।
বি.দ্ৰঃ- বিশিষ্ট লেখিকা জুৰী বৰা বৰগোঁহাইলৈ কৃতজ্ঞতাৰে!
ৱৰ ধুনীয়া কবিতা ।এনে ভাল কবিতা আগলৈ আৰু পায় বুলি আসা ৰাখিলু ।
ReplyDeleteশৈশৱ কাললৈ মনত পৰি গল...
ReplyDeleteএই কবিতাটোৰ কবি জুৰি বৰা বৰগোঁহাই নেকি বাৰু?
ReplyDeleteজীৱনৰ প্ৰথমটো কবিতা
ReplyDeleteকবিতাটো অলপ বেলেগ মোৰ কিতাপত বেলেগ আছে
ReplyDeleteহয়
Deleteকিছুমান শব্দ ইফাল সিফাল হৈছে।
ReplyDeleteসচাকৈ Google ৰ জৰিয়তে পুৰনা স্মিতি কিছুমান ৰুমন্থন কৰিলো... এই কবিতা বিলাক আমি স্কুলত থাকোতেই পঢ়া এতিয়া নিজৰ লৰা ছোৱালিক গাই শুনাইছো.....
ReplyDelete