কবিঃ- যমুনেশ্বৰী
খাটনিয়াৰ
ফুলৰ সৌৰভে অলিক মাতিলে,
গান গাই আহি সি,
একোকে নেমাতি চুমাৰে
সুধিলে
-দিবনো খুজিছা কি ?
দিয়া দিয়া মোক প্ৰাণৰ
অমিয়া
প্ৰাণ ভৰি পি লও'-
এই বুলি অলি ফুলক সাৱটি
ৰঙতে থউ -বাথউ।
এনেতে আহিল বতাহ এছাটি
লৰালে গছৰ পাত;
অলি বোলে 'মই যাওঁ,
যাঁও, যাঁও,
লগালোঁ তোমাক মাত।
নিয়ৰৰ পানী টোপাটোপে
সৰে
চকুৰ কান্দোম হৈ;
নিদিওঁ বুলিও যাবলৈ
দিলে
অতিকে বিমনা কৈ?
তেনেদৰে আজি ক্ষন্তেকৰ
বাবাে
নাযাওঁ বুলিও যাওঁ
তোমাৰ কাষত সকলো ধাউতি
ৰাখি যে বিদায় লওঁ।
No comments:
Post a Comment