কবিঃ- যতীন্দ্ৰনাথ
দুৱৰা
সপোনৰ
প্ৰথম পুৱাত
সাৰপাই
উঠিলোঁ যেতিয়া,
দেখিছিলোঁ তাোমৰ ছবিটি
-জীৱনত
প্ৰেমৰ অমিয়া ।
ধীৰে ধীৰে
বলিছে বতাহ,
কাণে কাণে
বাতৰি বিলাই,
আকাশত তৰাৰ
পোহৰ
এতিয়াও
মাৰ যোৱা নাই ।
খোজ ললোঁ
আপোন পাহৰি
তুমি মোৰ
চকুৰ আগত,
কাষ চাপি
আহিলোঁ যেতিয়া
–তুমি মোৰ
প্ৰাণৰ মাজত।
লয় পায়
মলয়াৰ মেলা
লাহে লাহে
তটিনী-বুকুত,
উড়ি যায়
গোলাপৰ গোন্ধ
ছবি যেন
সপোন মাজত ।
কু-উ কু-উ
বিষাদৰ সুৰ
মাৰ গ’ল পুৱতি নিশাত;
চোৱা কেনে
সুন্দৰ সময়
সকলোটি
নীৰৱ নিমাত ।
প্রাণ মোৰ
পৰিছে ভাগৰি,
আথেবেথে
তুলি লোৱা মোক ;
শেষ হক
তোমাৰ কোলাতে
জীৱনৰ যত
দুখ-শোক ।
ক’তো নাই মৰমৰ চিন
মিছাকৈয়ে
ফুৰিলোঁ বিচাৰি
তুমি যদি
এৰি দিয়া মোক
কোনে তেনে
ধৰিব সাদৰি ?
নিৰাশাত
ভগা হিয়াখনি
জোৰোৱাহি
মধুৰ মাতেৰে।
শুকুৱা
লেৰেলা ফুল পাহি,
তিয়োৱাহি
চুমি সাদৰেৰে।
তুলি লোৱা
এবাৰ বুকুত
সমুখত বহল
সংসাৰ
দুখ-শোক-যাতনাৰে
ভৰা,
ইহজীৱন দুখৰ
আধাৰ।
কান্দি-কান্দি
লাগিল আমনি
কান্দিবৰ
শকতিও নাই;
তোমাৰ
চেনেহী হাতখনি
চেনেহেৰে
দিয়াহি বুলাই।
চকুযুৰি মুদাৰ
আগেয়ে
ঢালা আহি
তোমাৰ মৰম ।
মৰণৰ
আগেয়ে এবাৰ
হক মোৰ
সাৰ্থক জনম ।
মাৰ যক
তোমাৰ বুকুতে
অন্তহীন সুৰ
বিষাদৰ,
হাঁহি মুখে
মাগিলোঁ মৰণ
–তুমি মোৰ
প্রতিমা প্রাণৰ ।
No comments:
Post a Comment