কবিঃ- বলদেৱ মহন্ত
মূৰ্খ পুত্ৰ হয় যদি এশ বা হাজাৰ;
সিহঁতৰ পৰা নাই একো উপকাৰ ৷
যেনে শস্য-ক্ষেত্ৰে জন্মি বনৰীয়া বন;
কৃষকৰ অপকাৰ কৰে অগণন ৷
যি বংশত শঠ-মূৰ্খ বহু পুত্ৰ হয়;
সি বংশৰ নাম হয় অৱশ্যে বিলয় ৷
যথা সৰোবৰে শোভে প্ৰফুল্ল কমল;
গুণী পুত্ৰগণে কৰে বংশক উজ্জ্বল ৷
গুণী-শিষ্ট পুত্ৰ যদি এটিয়েই হয়;
অনেক মূৰ্খত কৰি সেয়ে শ্ৰেষ্ঠ হয় ৷
এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে;
অসংখ্য তৰাই তেনে কদাচ নোৱাৰে ৷
One of the hopeless poem. Thr is no murko putra and guni putra. Every child is unique and special. Depends on how u see the talent
ReplyDeleteএই কবিতাটি থকা পুথি খনৰ নাম জনাবনে
ReplyDeleteধন্য়বাদ|