Saturday, 31 October 2015

গুণী পুত্ৰ

কবিঃ- বলদেৱ মহন্ত

মূৰ্খ পুত্ৰ হয় যদি এশ বা হাজাৰ;

সিহঁতৰ পৰা নাই একো উপকাৰ ৷

যেনে শস্য-ক্ষেত্ৰে জন্মি বনৰীয়া বন;

কৃষকৰ অপকাৰ কৰে অগণন ৷


যি বংশত শঠ-মূৰ্খ বহু পুত্ৰ হয়;

সি বংশৰ নাম হয় অৱশ্যে বিলয় ৷

যথা সৰোবৰে শোভে প্ৰফুল্ল কমল;

গুণী পুত্ৰগণে কৰে বংশক উজ্জ্বল ৷

গুণী-শিষ্ট পুত্ৰ যদি এটিয়েই হয়;

অনেক মূৰ্খত কৰি সেয়ে শ্ৰেষ্ঠ হয় ৷

এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে;

অসংখ্য তৰাই তেনে কদাচ নোৱাৰে ৷

2 comments:

  1. One of the hopeless poem. Thr is no murko putra and guni putra. Every child is unique and special. Depends on how u see the talent

    ReplyDelete
  2. এই কবিতাটি থকা পুথি খনৰ নাম জনাবনে
    ধন্য়বাদ|

    ReplyDelete