কবিঃ- মৌ° পজিৰুদ্দিন আহমেদ
(১)
এমুঠি মাটিৰে তোমাক স্ৰজন
কৰিছীল খনিকৰে,
এতেকে হোৱা মাটিৰ সন্তান
বিনয় মাটিৰ দৰে।
(২)
যিদিনা অগ্নিয়ে গপত ওফন্দি
অহঙ্কাৰ দেখুৱালে,
মাটিয়ে সিদিনা স্বভাৱ সুলভ
নম্ৰতা দেখুৱালে।
(৩)
গৰৱী অগ্নিয়ে গৌৰৱ কৰাৰ
বেছ প্ৰতিফল পালে,
নম্ৰ মাটিক নম্ৰতাৰ বাবে
সবায়ো আশিষ দিলে।
(৪)
এতেকতে হেৰা মাটিৰ
মানুহ
ত্যাগ কৰা অভিমান,
হ’ক যেন এই বিশাল ধৰাত
মানৱতা মহীয়ান।
No comments:
Post a Comment