Wednesday, 19 December 2018

ওলট-পালট

এক আছিল বুঢ়া বুঢ়ী

নাছিল সিহঁতৰ ল'ৰা-লুৰি
কথাই কথাই এদিন দুয়োৰে
লাগি গল বৰ হুৰা-হুৰি।


বুঢ়াই কলে ফিতাহি মাৰি
শুনিছনে হঞে ঘূগুলী বুঢ়ী
সাদিনত তই যিমান কৰ
এদিনৰ মোৰ কাম,
মিছা কৈছো যদি অমুকা বুঢ়াৰ
সলাই থবি নাম।

বুঢ়ীও উঠিল দাং খাই

উত্তৰ দিলে বুঢ়ালৈ চাই
বুঢ়ীৰ যহতে দুবেলা দুমুঠি
খাই আছ তই ভাত
এদিন মাথোন নহ'লে মই
চেলাই পেলাবি দাঁত।


কাইলৈ বাৰু পৰমাণ চাম 

 হালখন লৈ ময়ে যাম
 তই হবি ঘৰৰ ঘৈণী
 হাঁহ-পাৰবোৰ চাবি
 আছে মানে ঘৰৰ কাম
মনযোগ দিবি।
 গাই খীৰাবি,  ভাত ৰান্ধিবি, 
আৰু কাটিবি সূতা, 
তেতিয়াহে মই তোক
বুঢ়া বৰ মতা। 


পিছদিনাখন হ'ল পূৱা
 মুখত এখন সোমাই গুৱা
 বুঢ়ী ওলাল পোন্ধ মাৰি
 কান্ধত নাঙল লৈ
 বুঢ়া থাকিল সেইদিনা
 ঘৰৰ ঘৈণী হৈ।



বুঢ়ী আহিল হালৰ পৰা
দুখে ভাগৰে আধামৰা
তায়ো পালে সেকা পালি
মুখেৰে নোলায় মাত
ঘটিয়ে ঘটিয়ে পানী খাইহে
তত আহিল গাত।


বুঢ়াই কলে হাত যুৰি
মোৰ বুঢ়াৰ লগৰী
সচাকৈয়ে তই ঘৰৰ ঘৈণী
ঘৰৰ লখিমী মোৰ,
মুৰৰ চুলিৰ সমান হৈ
আয়ুস বাঢ়ক তোৰ।

শপত খাই কলোঁ এ‍ই
তোৰ ভাগ আৰু নধৰো মই
তোৰ কামো নহয় ঢিলা,
প্ৰমাণ মাথো চালোঁ,
নলগা জেঙত লগাৰ ফল
হাতে হাতে পালোঁ 

 
বুঢ়ীয়ে কলে হেৰৌ বুঢ়া
মিছা নকও এক কড়া
হাল বোৱা নহয় তিৰীৰ কাম
মতাৰ ৰন্ধা বঢ়া
বুজিলোঁ দুয়ো দুয়োৰে দুখ
ভালদৰে আজিৰ পৰা

5 comments:

  1. My Golden School life memories

    ReplyDelete
  2. পুৰণি অসমীয়া কবিতা - নোৱাৰো,পঠিয়ালে ধন্যবাদ জ্ঞাপন কৰিম ।

    ReplyDelete
    Replies
    1. https://kobitakuki.blogspot.com/2015/10/blog-post_8.html

      Delete
  3. আছে মানে ঘৰৰ কাম মনো যোগ দিবি..
    ইয়াৰ পাছতে অলপ থাকি গৈছে .....

    "গাই খীৰাবি ,ভাত ৰান্ধিবি
    আৰু কাটিবি সূতা
    তেতিয়াহে মই তোক
    বুঢ়া বুলিম বৰ মতা "

    ReplyDelete
    Replies
    1. ধন্যবাদ- যোগ কৰি দিয়া হ'ল।

      Delete