কবিঃ ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ
আহ, পখী আহ,
ফুল দিম কোঁচ ভৰি,
খুৱাম উদৰ পুৰি,
সাঁজি দিম সোণোৱালী বাহ,
আহ পখী, উৰি উৰি আহ।
আহ, পখী আহ,
পকা পকা ফল দিম
তোৰ স’তে উমলিম
পাবি ৰং, আহ পখী আহ,
সাঁজি দিম সোণেৰেই বাঁহ।
আহ, পখী আহ,
তোক মই ভাল পাঁও
দেখিলেই চাই ৰঁও
পাখী মেলি উৰা মাৰি আহ,
আহ পখী সাউৎকৰে আহ।
আহ পখী আহ
আকাশত উৰি উৰি
অকলে অকলে ফুৰি
গছে বনে থাকি কোনো গাহ?
আহ পখী, একেচিপে আহ
আহ, পখী আহ,
গীত গাবি সুললিত,
শুনি হম হৰষিত,
ওচৰতে আছে এটি বাহ,
আহ পখী ততালিকে আহ।
No comments:
Post a Comment