Wednesday, 19 August 2026

শৰাইঘটীয়া ডেকা দল

 কবিঃঅতুলচন্দ্ৰ হাজৰিকা

 

শৰাইঘটিযা ডেকা দল,

লক্ষ্য তোৰ সমুজ্জ্বল,

ৰণুৱা তই, বনুৱা তই,

গাত তোৰ ভীমৰ বল,

মাটি কাটিবি, পৰ্বত খহাবি,

একে ৰাতিতে বান্ধিবি গড়,

অস্ত্ৰ ধৰিবি, হিলৈ ফুটাবি,

ৰক্ত গংগাৰ বোৱাবি ঢল।

ঘোঁৰা চলাবি, নাওঁ চলাবি,

মাৰিবি ব’ঠা, মাৰিবি দ্বাৰ,

শণাহী শত্ৰুৰ মুৰত নাচিবি,

ভৰিৰে ঠেলিবি ভয় অমংগল,

হেংদাং ধৰিবি, মোমাইক কাটিবি,

দেশ মাতৃৰ লাগিলে ভোক,

মোগল সিংহ শিয়াল হব,

অসম মাৰিব নিদিবি চল।


No comments:

Post a Comment