কবিঃ- হেমচন্দ্ৰ গোস্বামী
চ’তৰ বিহুত বৰদৈচিলা মাকৰ
ঘৰলৈ যায়
গছ-গছনি ঘৰ-দূৱাৰ নিয়ে
উৰুৱাই।
হিল দ’ল ভাঙি-ছিঙি মেলিছা
ঢাপলি
লগত নিছা লগৰীয়া যত বা
মাৰলি।
আউল বাউল চুলি মেলি মাৰিছা
কিয় লৰ?
লাহে ধীৰে গ’লেও দেখোন পাবা
মাৰাৰ ঘৰ।
চোতালত দিছোঁ বৰপীৰা কাকৈ
ফণী তাতে
মুৰৰ চুলি মেলাই যোৱা ৰজাৰ
ৰাজবাটে।
মাৰাই দিব মাধৈ ফুল,
বাপেৰাই দিব খাৰু,
ককায়েৰাই দিব কাপোৰ কানি,
ভায়েৰাই দিব কেৰু।
শুবলৈ দিব শীতল পাটি,
বহিবলৈ দিব পীৰা,
খাবলৈ দিব জহা ধানৰ দোৱা
ভজা চিৰা।
কাবৌ কৰি মাতিছোঁ আমি লাহে
ধীৰে যোৱা
আমাৰ পঁজা ঘৰ কেউটি ভালে ভালে
থোৱা।
বৰদৈচিলা শব্দটো কোন ভাষাৰ পৰা আহিছে?
ReplyDeleteবড়ো ৷
Deleteসৰু আইটি আৰু সৰু চৰাই কবিতাটো ইয়াত নাপালোঁ। সন্নিৱিষ্ট হ'লে ভাল আছিল।
ReplyDelete