তুমি
তুমি কি প্ৰিয়
নুবোজো কিয়
নোৱাৰি ধৰিব
লুকুৱা কেনি
তুমি কি মেঘৰ
বিজুলী লহৰ
সাগৰ-ঢৌ
ফুলৰ ঘ্ৰাণ,
কুলুৰ ধ্বনি?
নতু আকাশৰ
হ'লা অগোচৰ
স্নেহৰ লতাটি
স্নেহতে পমি?
নতু কি হিয়াৰ
আকূল চিয়াঁৰ
ব্যকূল হৈ
বাহিৰত গৈ
ভ্ৰমিছা তুমি
বসন্ত-বতাহ
অনন্ত হুতাহ
মিহলাই লৈ
জুই লাগি গৈ
আকাশ চুমি?
No comments:
Post a Comment