কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা
তেজগোৰা বেলি জিলিকনি মেলিসাবটিব আহি ধৰা ;
পূৱাতে মলয়া উঠি ছঁয়া-ময়া
বোলে উঠা তেজীমলা ।
মেঘ-মলা ৰঙ্গা পিন্ধি দিগঙ্গনা
সিঁচিছে আশাৰ ধাৰি ;
উত্ৰাৱল পানী ৰঙা হাঁহি সানি
খলকিছে ছুই ভৰি ।
ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি
-তেজীমলা জক্মকায় ;
চৌপাশে বেৰি মৰমে সাদৰে
পানীৰ লতা বগায় ।
মানুহে কুটুমে দলিয়াই পেলালে,
কাকনো কুটুম পালি ?
মৰম-বেথাৰে আজলী কুঁৱৰী
এটাইকে নিজা কৰিলি ।
তোৰে পানীৰ চৰাই সাঁতুৰি ফুৰিছে
ক'তো বা উড়িছে বনাই;
মলয়া বায়ুৰে মিতিৰ পাতিলি
- ঘৰৰ হে বাতৰি নাই ।
দূপৰীয়া বেলি পানীয়ে উজলি
সিঁচিছে মুকুতা -তৰা ;
ফটিক পানীৰে মাজে মাজে ধীৰ
চৰিছে পোৱাল-দৰা ।
সোণ-ৰূপ মাছ আহিছে গইছে
ঘৰ পোহনীয়া তোৰে;
মনত পৰেনে পাৰ যুৰি তোৰ
মাতিলে হাতত পৰে ?
ফুলবাৰী খনি পাহৰিয়ে আছে,
চৰে নে হৰিণা জনী ?
কোনে ভুলাইছে মৰমৰ তোৰ
শাৱলী পোৱালী কণি ?
সখীৰ বাতৰি কোনে কব পাৰে
তো জীৱনৰ লগ ;
মৰমৰ সখী আঁতৰালে কোনে
আকৌ নে মিলিন সঙ্গ ।
কুমাৰী ছোৱালী কুটুমে পেলালে
দলিয়াই মৰম ফেৰি ;
মানুহে -মানুহে ইমান হে মৰম
চকুলো পৰে সুঁৱৰি !
মানুহৰ চোঁতালত মাধুৰী ফুটিলে
মানুহে নিচিনি হায় ,
সাৰি, তুলি, ছিঙি মোহাৰি পেলালে
-মানুহৰ মৰমো নাই ।
মৰমৰ পানী নোহোৱা ঠাইত
কেনেকে বিশ্বাস থয়?
সেয়ে তেজীমলা দূৰৈতে শিপাই
পাৰিজাত হৈ ৰয় !
শতক বান্ধেৰে তলীৰে সইতে
বান্ধিলে নিছিগা কৰি ;
ধুমুহা-বতাহে খং-ৰাগে আৰু
কিনো নো কৰিব পাৰি ?
সিদিনা সন্ধিয়াৰ দৰে আজি কিয়
তেনেকুৱা কৰে মন ?
বেজাৰ মাৰ গৈ বেলিটিয়ে তোক
দিছিলে যে বিসৰ্জন ।
আজি পূৱাই বেলি হাঁহি চকু মেলি
পঠালে বাতৰি কিবা;
চিকুন নাওখনি আশাৰে উজলি
আহিছে উজাই বা ।
মানুহৰ নাও মানুহৰ ভাও
দেখিয়ে লাগিছে ভাল ;
মানুহৰ মিতিৰ বৰ মৰমৰ
পাতিছে কিহৰ জাল?
গহীন মু'খনি মৰমেৰে সনা
মোৰেই দেৱতা এওঁ ;
কেলেই লাগিছে মানুহৰ লগ
-আহিয়ে দেখো ধৰেও ।
"হাতো নেমেলিবি ফুলো নিছিঙিবি
ক'ৰে নাৱৰীয়া তই ;
মানুহে ফুলৰ কি জানে আদৰ
তেজীমলাহে মই ।"
প্ৰশ্নসমূহ ৰ উত্তৰ
ReplyDeleteকবিতাটোৰ সাৰাংশ
Deleteকবিতাৰ সাৰাংশখিনি জনাব।
Delete৬০০৩৩৬৮৪১১
ReplyDeleteকবিতা ৰ সাৰাঙখ
ReplyDelete