কবিঃ- অম্বিকাগিৰি ৰায়চৌধূৰী
এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান-
ইযে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান ।
ইযে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ ;
ইযে ৰূদ্ধ আত্মশকতি নিজৰি ওলোৱা অনল ভাঁপ ।
ইযে সুধাৰ কাৰণে দেৱ-দানৱৰ সিন্ধু-মথন-গান ;
ইযে মৃত্যুঞ্জয় পদৰ কাৰণে মহা হলাহল পান
ইযে মাতৃ চৰণ পূজাৰ কাৰণে মুক্ত উদাৰ দান ;
ই যে ভাই ভাই সবে একেটি কথাতে এক হৈ যোৱা প্ৰাণ ।
ই যে হীনতা-নীচতা ভীৰুতা-দীনতা জোকাৰি পেলোৱা ভাব ;
ই যে এক ৰূপ-ৰসে, এক ৰঙে চঙে এক কৰি দিয়া চাব ।
ই যে মহা মানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান ;
ই যে উৎপীড়নৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান ।
ই যে সুপ্ত জীৱন চকোৱা জগোৱা গুৰ গম্ভীৰ তান ।
ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃঙ্খল অভিযান ।
ই যে নৰনাৰায়ন লাঞ্ছিত হোৱা ভয়াবহ ইতিহাস ;
ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণভৰা অভিলাষ ।
ই যে মুক্ত জীৱ বন্ধন কৰা কঠোৰ বেথাৰ হান ;
ই যে মানুহৰ অবমাননাকাৰীক মৰ্দিত কৰা ধ্যান ।
ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱণৰ মহা বান ।
ই যে মাতৃ আদেশৰ, সন্তান -প্ৰাণ দিবলকে বলিদান ।

এই কবিতাটিৰ প্ৰাসংগিকতা অসমত আকৌ আহি পৰিছে
ReplyDeleteI love this Poem
ReplyDeleteপ্ৰতিটো শব্দৰ নিজা অৰ্থ....প্ৰতিটো শব্দৰ আঁৰত বহু কথা। মহান কবিৰ মহান সৃষ্টি
ReplyDeleteGreat
ReplyDeleteZubeen daar SILAA album tut add kora hoise kobitatu gaan hisape
ReplyDelete