কবিঃ-প্ৰসন্নলাল চৌধুৰী
বন্ধকাৰাৰ অন্ধকাৰত
জুই লই কৰোঁ খেল
মৃত্যু মেঘৰ নৃত্য সভাত
পাতো জীৱনৰ গুপ্ত মেল।
লাখে লাখে লাখে সুপ্ত
বন্দী
স্বপ্ন-মোহত নাপায় সন্ধি
কিজানিবা লাগি অনল পৰশ
বুকুৰ তেজৰ বাৰুদ জলে,
সেয়ে নচুৱাওঁ জুইৰ
মহলা
গভীৰ নিশাত সদল বলে ;
তোলো উদ্দাম ৰোল,
খেদি যাচি দিওঁ গল
এৰি যাওঁ যুগ-যুগান্ত
ব্যাপী
তৰুণ তেজৰ ৰোল!
কৰোঁ জীৱনৰ অভিযান,
গাওঁ মানৱৰ জয়-গান
ৰক্ত লোহিত পতাকা উৰাওঁ
অগ্নি মন্ত্র ঘোষি
সৰ্ব্বনাশক কৰো আক্রমণ
ব্যুহৰ মাজত পশি ।
দেহে মনে বান্ধো লোৰ
জিঞ্জিৰি
টানি কৰে ঝন্ ঝন্!
তালে তালে তালে চৰি উঠে
মোৰ
মৃত সঞ্জীৱনী গান
কৰোঁ নিঃশেষ দান
অৱনত যত ভাই বন্ধুক
শেষ সম্পদ প্রাণ
সত্যৰ বিশ্বৰূপ
জ্যোতিহীন হৈ পায় যেতিয়াই
ক্ষমতাৰ অন্ধকূপ,
বিস্মৃতি আহি ঢাকে
মানৱৰ
শক্তি হৃদয় মন,
মেদিনীৰ বুক বেদনাত জলে
আহে কম্পন ঘন,
শত বাহু মেলি বৰষি
অগ্নি
পৰাজি প্ৰলয় সূর্য
ৰুদ্ৰ তেজ
মই দেখা দিওঁ ভীতিৰ
স্বৰূপ
সঞ্চালি ধূমকেতুৰ লেজ ।
চৌদিশে উৰে উল্কা পিণ্ড
ধ্বংসৰ জয় গাই
মৰণৰ আৰ্তনাদৰ লগত
নৱ-সৃষ্টিৰ বীজ মন্ত্র
আওৰাই।
দেশে মহাদেশে উঠে হাঁহাকাৰ,
কষ্ট দৃষ্টি আহে
ধাৰাষাৰ,
বিৰোধ নির্যাতন উপহাৰ
যাচে অঞ্জলি লই,
বিশ্ব-বিজয়ী
সত্যাগ্ৰহী
ৰক্তবীজৰ বংশ মই
কৰোঁ নিৰ্মম বিজয়
যাত্ৰা
পৰাজয় মোৰ নাই নাই নাই।
মানুহৰ যত স্মৃষ্টি কষ্টি
গৌৰৱ অভিমান
সকলো মোৰেই দান!
মই স্ৰষ্টাৰ স্নায়ুৰ
শক্তি
সুদৰ্শনৰ বিজুলী-চক্ৰ বাণ!
সূৰ্য্যৰ দৰে তমঃ ৰাশিৰ
জ্বলাও স্বৰ্গ জ্যোতিৰ
ৰেখ,
মৰণোন্মুখ জাতিক
পিন্ধাওঁ
শত্ৰু বিজয়ী অমৰ বেশ ।
আনো ভাস্বৰ বিৰাট প্রৱাহ
নিৰ্মল নীলিমাৰ
শুকান বুকুত ঢালো অবিৰল
তীব্ৰ জীৱন মদিৰা সাৰ,
শিশুক বিলাও লয়নু কান্তি
নাৰীৰ মুখত বিশ্ব শান্তি,
দৰিদ্ৰতাৰ ভোগৰ তৃপ্তি
পতিতক অন্ধকাৰ,
আকাশে পৱনে ষ্পন্দিত
কৰোঁ
পুৰুষৰ জয় জয়কাৰ ।
No comments:
Post a Comment