কবিঃ- গণেশ গগৈ
অসম, অসম, অ’ অসম
জন্মভূমি তীৰ্থ ঠাই;
ধন্য আমাৰ জন্ম, জননী পুণ্যপদৰ পৰশ পাই
।
সোণৰ অসম নহৱ আই, তই
ৰূপৰ অসম নহৱ;
সুজলা সুফলা শস্য
শ্যামলা
চেনেহী, চিকুণী নহৱ ।
ধ্যান-ধাৰণাই বিচাৰি
নাপায়,
বিচাৰি নাপায় কল্পনাই
ৰূপত জননী তই নিৰূপমা
গুণতো যে তোৰ তুলনা নাই ।
স্বৰ্গ বিচাৰি নেযাওঁ
জননী,
আৰু যে স্বৰ্গ নাই;
তয়েই আমাৰ চিৰ সাধনাৰ
চৰম লক্ষ্য ঠাই।
তোৰ চৰণৰে ধূলি সানি
সানি
তোৰেই পদজল এচলু খাই
তোৰ কোলাতেই মুদিম
দুচকু শষত
ভকতি ভটিমা গাই।
No comments:
Post a Comment