কবি:-হিতেশ্বৰ
বৰবৰুৱা
পূৰ্ব জনমৰ, জানো কোন পুণ্যবলে
থুৰীয়াজনম পালি তই জগতত।
শোওতে খাওঁতে কিম্বা উঠোতে বহোঁতে
চুমা দিয়া প্রেয়সীৰ কোমল গালত।
যি চুমাৰে হেঁপাহত আতুৰ প্রেমিক,
প্ৰেমৰ ৰাজ্যৰ যিটো অমূল্য ৰতন,
যাক লই সংসাৰৰ সকলো বলীয়া,
অনায়ালে তই কিন্তু পাৱ সেই ধন।
যি চুমাৰ মাথো এটি পাবৰ আশাত
প্রেমিকে উছৰ্গা কৰে পৰাণ নিজৰ,
সেই চুমা লাখ লাখ নিতে পাৱ তই
নাজানো-কি পুণ্য তোৰ আছিল পূবৰ।
নহল আমাৰো কিয় থুৰীয়া জনম।
পালো হয় নিতে কত মধুৰ চুম্বন।
ধন্যবাদ।
ReplyDelete