কবিঃ- গোপালচন্দ্ৰ ভূঞা
আহিলা নে ধেমেলীয়া
নতুন আলহী ?
মাত শুনি বিহু বিহু লাগে গাত।
চৰাই নোহোৱা তুমি, কোকিল কলীয়া
মানুহৰ লৰি ফুৰা মাত ।
বনত বাগৰি মই যেতিয়া
শুনিম
কুউ- কুউ মৌসনা মাত,
পৰ্বতৰ পৰা যেন পৰ্বতলৈ
যায়;
থিতাতে ইয়াতে, ঘুৰি
তাত।
ভৈয়ামক দিয়া তুমি
নুফুটা মাতেৰে
ৰ'দ আৰু ফুলৰ বাতৰি;
মোক কিন্তু কোৱা এটি
তাহানিৰ কথা--
যিটি মই গইছোঁ পাহৰি;
সাদৰে আদৰোঁ মই বসন্ত লাহৰি,
নোবোলো তোমাক পখী মই ৷
নেদেখা-নজনা ভাবো, কোনোবা কাহানি,
মানুহৰ মাতেই বা হয়।
No comments:
Post a Comment