কবিঃ- পাৰ্বতী প্ৰসাদ
বৰুৱা
জোনাক জোনাক শীতল জোনাক
চাই মোৰ চকুলো সৰে;
অন্তৰ মোৰ উগুল থুগুল
উদাস আকুল কৰে।
মনত পৰেহি কোনোবা পুৰণি
জোনাকী বিৰহ বেথা;
মাধৈ-মালতী ফুলৰ আঁৰত
গোপন মিলন-কথা।
মনৰ মাজত সুখ-সোঁৱৰণী
অতীত মধুৰ জাগে;
বাহিৰত শুদা ৰূপালী
জোনাক
উৰুঙা উৰুঙা লাগে।
No comments:
Post a Comment