কবিঃ- কমলেশ্বৰ চলিহা
সৰিয়হ ফুলৰ হালধীয়া ঢৌ
নৈৰ দাতিত পথাৰ খনিত
বৰষে
কিনো মৌ।
মৌ-পগলা মনটো উঠিল নাচি
ৰূপত অতুল সৰিয়হ ফুল
দেখি
পাচি পাচি।
ইকৰাৰ বাঁহী গছৰ হাঁহি
ৰ'দত জ্বলমল্,
তাত ডাৱৰ ডৰাই ছাঁৰে
ভৰাই
কৰে চলাচল।
সৰিয়হ ফুলৰ মল পৰাগ বোৰ
-কলৈ উড়ি যায় নাজানো
লাগিল গাত মোৰ ।
-সেই-লগাতে অকস্মাতে
দিলে দুৱাৰ ঠেলি ;
সেই দুৱাৰেৰে ফুলৰ বুকুত
সোমালোঁ বাহু মেলি ।
পানী ডৰাত আকাশ নামি
পৰে,
অকণমানি ডোবাটোত
কিমান ছবি ধৰে ।
ছবিয়ে মনক কয়
“দূৰত দেখিছা নে ?
নৈৰ কায়াই সোঁতৰ ছায়াই
কিমান মায়া জানে,"
সৰিয়হ ফুলৰ বোল মিলি
যায়
মাটিত থকা বৰণ অঁকা
মেঘৰ দৰে হায় ।
আহিলো গুচি দূৰৈৰ বাটলৈ
সৰিয়হনিৰ গুণ্ গুণনি
মাঘৰ গাতে থৈ!
আজিও তাক ফাগুন বায়ু
জাকে
বলিয়া হোৱা পোচাক পোৱা
গছৰ পাতত আঁকে;
সোধে মোক গুণ্ গুণিয়ে
"আছেনে মনত নৌ,
নৈৰ পাৰৰ সৰিয়হনিয়ে
দিলে কিহৰ ঢৌ?"
No comments:
Post a Comment