কবিঃ- দেৱানন্দ ভৰালী
দিছিল এদিন তেওঁ এপাহি
গোলাপ
গোলাপৰ সামান্য এপাহ;
হাত মেলোতেই মোৰ শৰীৰত
যেন,
বৈ গ'ল অনন্ত বতাহ!
সাধাৰণ গোলাপ এপাহ!
কঁপি উঠা আঙুলিৰে কথমপি
ল'লো
হাতে হাত লাগিল পৰশ;
আজিও সুঁৱৰি মোৰ পুলকে
শৰীৰ,
হৃদয়ত উঠলে হৰষ।
আহা! সেই মাদক পৰশ!
শুকাই লেৰেলী গ'ল বহীৰ
মাজত
হৰিল আগৰ গোন্ধ ভাঁপ;
চিৰ নতুনত্ব তাৰ নুগুচে
তথাপি,
শাঁত কৰে অন্তৰৰ তাপ!
সাধাৰণ এপাহি গোলাপ।
No comments:
Post a Comment