কবিঃ –ভৈৰৱচন্দ্র খাটনিয়াৰ
মানিমুনি শাক, মানিমুনি শাক,
তই তাতেই জীয়াই থাক ,
বেলিৰ পৰা পাৰি পোহৰ,
পানী দি তোক যাবহি ডাৱৰ,
বতাহৰ ঠেৱে নাচাবি গাক;
মানিমুনি শাক, মানিমুনি শাক,
তই তাতেই থুপি থাক ।
ধৰণী আইৰ সৰস বুকুৰ
খোচানি পাতি থাক;
বিশ্বৰ সকলো -শুনিবি খবৰ
শুনিবি পতাৰ ডাক।
কেৱল নীৰৱ নিস্তব্ধ সন্তোষ
মনত লুকাই ৰাখ ;
মানিমুনি শাক, তই ইয়াতেই ফুলি থাক ।
পাব পাৰ তই গছকত পৰি
মাটিৰ সমান থাক;
তথাপি পিতাৰ নিভৃত মৰম
প্ৰাণত লুকাই ৰাখ।
মানিমুনি শাক,-সুখেৰে
জীয়াই থাক ।
বিশ্ব হৃদয়ে গমিছে,তোৰো
হৃদয় বিপাক;
জগত ভৰা আয়োজনত আছে
তোৰো ভাগ
মানিমুনি শাক, -সুখেৰে
জীয়াই থাক ।
No comments:
Post a Comment