কবিঃ-লক্ষ্মীনাথ ফুকন
হে বিশাল ব্ৰহ্মপুত্ৰ,
কত শত বৰষৰ কত শত বেদনাৰ কথা,
তোমাৰেই
অন্তৰ গঁথা।
কত প্ৰাণ মুঞ্জৰিলে তামাকেই সাক্ষী ৰাখি কত হিয়া
উজলি উঠিলে,
লুকালে
বিৰহৰ ব্যথা।
জয় জয় জয় ৰৱে দশোদিশ
গুলজাৰি বিভনৰ উড়ালে নিচান;
কত
কি যে গীত হল গান,
সোণোৱালী অতীতৰ পৰাণ
পুলক কৰা সুধা-সনা কথাকে সুঁ'ৱৰি
হলানেকি
তুমি ম্ৰিয়মান ?
কুণ্ডিল-কুঁৱৰী সেই কুহকিনী
ৰুক্মিণীৰ ৰূপৰশি যেতিয়া উথলি
আপোনাতে
পৰিলে উচলি ;
তেতিয়া মলয়ে দেহি
তাৰে একণিকা লৈ বসন্তক দিলে উপহাৰ,
কুঞ্জবন
উঠিলে উজলি ;
মধুময় ভঙ্গিমাৰে ললিত হিল্লোল তুলি শুনা গ’ল ৰি-ণি-ণি-জি-নি-নি
শ্ৰীকৃষ্ণৰ
নূপুৰৰ ধ্বনি;
অশিথিল প্ৰেম-পাশ, নূপুৰে যে হাবিলাষ, ৰুক্মিণী যে আকুল উদাস
কত আশ, কত হেন্দোলনি ।
টলমল যৌৱনৰ মতলীয়া
পৰশত উষা হ’ল থঁউকি-বাথউ
অন্তৰত
বাগৰিল ঢউ ;
সপোনতে কোনে আহি পিয়লা
ভৰাই আনি পিয়ালেহি মোহন মদিৰা--
এনে মিঠা, এনেনো যে মউ; ;
শোণিতপুৰৰ পৰা বায়ু-ৰোগ
চিত্ৰলেখা পাবলৈ দ্বাৰকা নগৰী
উষাৰেই কথাকে সুঁৱৰি;
অনিৰূদ্ধ কোঁৱৰক থাপতে
উড়াই আনি সখীয়াক দিলে উপহাৰ
নিজৰো যে স্বাৰ্থ
পৰিহৰি।
এনে কত গীত কথা, এনে কত
কবিতাৰ, মূৰ্তিমতী সুৰৰ ঝংকাৰ
উঠিছিল কৰি তোলপাৰ ।
আনন্দে-আৱেগে ভৰা
উচ্ছাসৰ কলৰোল সকলোটি হ'ল লালকাল
আথেবেথে কোলাতে তোমাৰ ;
আকাশে বতাহে মাথোঁ কিবা
এটি হুমুনিয়া, কিবা এটি হাঁহাকাৰ ধ্বনি
উঠে আজি গুঞ্জৰি-গুমৰি;
হে বিশাল ব্ৰহ্মপুত্ৰ,
আহিলে বাৰিষা তুমি দশোদিশ তুলি খলকনি
দিয়া নেকি তাৰেই বাতৰি?
No comments:
Post a Comment