কবিঃ- সিংহদত্ত দেৱ অধিকাৰী
সন্ধিয়াৰ ৰঙা বেলি ধীৰে ধীৰে গই
পছিমাকাশত ডুবি গ’ল;
পেঁপাটি মুখত লই গৰখীয়া ল’ৰা
গৰু স’তে ঘৰমুৱা হ’ল।
পছিমাকাশত ডুবি গ’ল;
পেঁপাটি মুখত লই গৰখীয়া ল’ৰা
গৰু স’তে ঘৰমুৱা হ’ল।
ফুলোঁ ফুলোঁ গোলাপৰ ধুনীয়া কলিটি
মলয়াৰ ধীৰ ছাটি পাই
ৰঙতে বিভোল দেহি, নাচিব ধৰিলে
নিজৰ জেউতি নিজে চাই ।
মলয়াৰ ধীৰ ছাটি পাই
ৰঙতে বিভোল দেহি, নাচিব ধৰিলে
নিজৰ জেউতি নিজে চাই ।
মৃণাল ভুঞ্জিব এৰি ৰাজহাঁহ-জাক
দিহা-দিহি গ’ল এৰি বিল;
ফিৰিলে ঘাটৰপৰা বোৱাৰী জীয়ৰী,
সন্ধিয়াৰ চাকিটি জলিল।
দিহা-দিহি গ’ল এৰি বিল;
ফিৰিলে ঘাটৰপৰা বোৱাৰী জীয়ৰী,
সন্ধিয়াৰ চাকিটি জলিল।
হাটৰুৱা বাটৰুৱা চাপিলেহি ঘৰ,
শেৱালিৰ বলিল সুৱাস;
পূব আকাশৰপৰা ক’লা ঢাকনিয়ে
দেখুৱালে নিশাৰ আভাস।
শেৱালিৰ বলিল সুৱাস;
পূব আকাশৰপৰা ক’লা ঢাকনিয়ে
দেখুৱালে নিশাৰ আভাস।
লুইতৰ পাৰে পাৰে নাৱৰীয়াবোৰে
ধীৰে ধীৰে বান্ধিলেহি নাও;
গাঁৱৰ দৌলৰপৰা ডবা-শঙ্খ-ধ্বনি
বিয়পিলে সন্ধিয়াৰ ৰাও।
ধীৰে ধীৰে বান্ধিলেহি নাও;
গাঁৱৰ দৌলৰপৰা ডবা-শঙ্খ-ধ্বনি
বিয়পিলে সন্ধিয়াৰ ৰাও।
No comments:
Post a Comment