হিতেশ্বৰ বৰবৰুৱা
মৰতত থাকি তুমি নিতে
লোৱা ঘ্ৰাণ
নন্দন বনত ফুলা
পাৰিজাত ফুল
আঁকা কত ছবি তুমি
সুন্দৰ অতুল
অমৰাপুৰৰ কবি, অমৰ
পৰাণ!
সুখে আৰোহণ কৰি মানস
ৰথত
কল্পনা ৰাজ্যত তুমি
কত ক্ৰীড়া কৰা;
পিয়াহ-আঁতুৰ, হায়
নৰৰ মুখত
অমৃতৰ ৰস আনি
আঁজলিৰে ধৰা।
দেৱতা! দেৱতা! কবি
এই জগতৰ
তুমিয়ে জীৱন্ত দেৱ,
প্ৰতিমা দেৱৰ;
কি স্বৰগ, কি মৰত,
কি পাতাল পুৰী
কি নগৰ, কি অৰণ্য
তিৰ সাগৰৰ
সকলোকে দেখা তুমি'
সকলোতে ফুৰি
আঁকা
ছৱি সকলোৰে, তুমি চিত্ৰকৰ।
This comment has been removed by the author.
ReplyDelete