কবিঃ- গণেশ গগৈ
অৰুণৰ কত হিৰণ কিৰণ
আকাশী জোনৰ ৰূপালী ৰূপ,
অকালতে আজি নিঠুৰ নিৰস
কোন যাদুকৰে কৰিলে লোপ ?
এই নীলিমাতে দেখিছিলো
কত কোটি তাৰকাৰ হেতালি খেলা,
গোজৰিণি মৰা কলীয়া নেঘৰ
বলীয়া জাননী বাৰিষা বেলা !
সউ সৰসিতে নিৰলে নিজানে
ফুলিছিলে কত পদুম ফুল,
মতলীয়া হোৱা ক’লীয়া অলিৰ
একেটি চুমাতে হেৰালে কুল !
মাধৱী-লতাৰ সাবট সাবট
আকাশী লতাৰ সোণালী সাজ,
দুয়োটিয়ে মিলি গাঁথিছিলে
দেহি,
লাজুকি লতাৰ সোণালী লাজ ;
সেই প্রেমময়ী, শ্যামলা ধৰণী,
কাঢ়ি নিলে তোৰ মহিমা কোনে
কোন ফাগুনৰ নিলাজ পবনে,
কোন শৰতৰ পপীয়া জোনে ?
নাই নিয়া কাঢ়ি কাঢ়ি
নিৰ কোনে,
যিখিনি আছিল সকলো আছে,
সেই অৰুণৰ সোণ জিলিকনি,
জোন, তাৰকাই আজিও নাচে ।
আজিওতো হাঁহে পদুম বনত
ৰূপহী পদুম পাহিটি মেলা
আজিওতো আহে ক’লীয়া ভোমোৰা
প্রিয়া পৰসন পাবৰ বেলা।
কলীয়া কুলিৰ সেই একে
স্বৰে
আজিওতো কৰে বলীয়া ধৰা,
তটিনীৰ তীৰে এতিয়াও
কৰে
প্রণয়ীৰ হিয়া প্রেমেৰে ভৰা
****************************
তুমি এৰি গলা, তোমাৰ লগতে
নিলা নেকি সখী সকলো ৰূপ?
তুমি নহলেতো মোহন মেলাৰ
বিপুল মাধুৰী পালে যে লোপ ?
নিলা যদি নিলা, কাৰ ক্ষতি হ’ল ?
এন্ধাৰতে বহি কটাম কাল,
নেলাগে মিলন, ৰূপ-ছায়া ছবি
বিৰহ বেদনা সিয়েই ভাল।
নাও বন্ধা আছে, পাল তাৰ আছে,
নিজে গুৰি বঠা, হাতত ল’ই
এন্ধাৰে মুন্ধাৰে নাও
মেলি দিম
ৰাতি দুপৰীয়া অকলে গ’ই
তুমি ভাবিছিলা তোমাকেই ভাবি
ৰচিম কবিতা নিৰলে বহি,
ধ্যান কৰি ৰ’ম তোমাৰে ছবিটি
আশা নিৰাশাৰ যাতনা সহি ।
ভুল সখী ভুল, নাই সেই ভাব ;
আছে আজি মাথো প্ৰলাপ ঘোৰ,
আৰু আছে বাকী
সলিল-সমাধি,
অনন্ত প্ৰেমৰ মিলনপুৰ!
No comments:
Post a Comment