কবিঃ-
জ্যোতিপ্ৰসাদ আগৰৱালা
শক্তি পুত্ৰ মই,
ভক্তি বুকুত লই,
মূক্তি প্ৰয়াসী হই,
অৰ্জ্জুন মই, গাণ্ডীবী মই,
ময়েই ধনঞ্জয় – মৃত্যুক কৰিছোঁ জয়;
ময়ে অসমৰ,
ময়ে ভাৰতৰ,
ময়ে ডেকা ল’ৰা অগ্নিময় |
ময়ে ভাৰতৰ নবীন
সূৰ্য্য,
পূৰ্বাচলত বজাওঁ
তূৰ্য্য।
মোৰ পোহৰৰ গানে,
আকাশে আকাশে, দেশে মহাদেশে,
মুগ্ধ কৰিব আলোক যাত্ৰী,
শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি,
কৰিম জগত জয়,
নবীন সূৰ্য্য মই ।
উপচি আহিব পোহৰৰ ধল,
লুইতৰ দৰে ফেনে – ফোটোকাৰে,
ফেনিল শুভ্ৰ
জ্যোতি – প্ৰপাতৰ জল ।
হাতীপটীয়েদি ঐৰাবাটেদি
কত নগৰৰ অলি – গলিয়েদি
কত মেধাবীৰ মহামনীষীৰ,
মনৰ মাজেদি,
কবীন্দ্ৰ জিনি হ’ম,
মহামনীষাৰ মহাসাগৰত ৰ’ম ।
No comments:
Post a Comment