কবিঃ- দেৱচন্দ্ৰ তালুকদাৰ
ৰূপহী
নইত মলোৱে পলৰে
কাৱৈ
চেনীপুঠি মাৰে,
নাৱৰ
টিঙত জুনুৱে আছাৰে
মুগাৰ
ৰিহা আঁৰে আঁৰে |
ৰিহা-আঁচলত
আছে অঁকা বকা
নানা
তৰহৰ ফুল,
কোন
গাভৰুৱে গুঁঠিছিল এনে
আকাশী
তৰাৰ থুল।
অঁকাই
পকাই অকণি নইটি
লুকা-ভাকু
খেলি খেলি,
হাবি
বননিৰ আঁৰত লুকাই
ক’লৈবা গৈছে লৰি! ব
দীঘল-নেছীয়া
সূতা কাটি কাটি
বইছে
শুৱনি নই, দু
ফেনে
ফোটোকাৰে উতলি উঠিছে
গুণ
উছাহে গই ।
পৰ্ব্বতীয়া
শিল দাঁতি কাষে পাই
হুৰ
হুৰ শব্দ কই।
গছৰ
ছায়াতে জিৰণি লইছে
ক্ষন্তেক
থমকি ৰই।
আৰু
উছাহতে উলহ মালহ
ৰঙতে
ব্যকুল অতি,
খিল
খিল হাঁহি গাভৰু লেখীয়া
ধৰিছে
চঞ্চল গতি;
দাঁতি
কাষৰতে মলোৱে জুনুৱে
কৰিছে
নিজৰ কাম।
ইৰিণা-বিৰিণা
মাজতে থাকিয়ে
ঢাকিছে
দুইৰো প্ৰাণ।
মালোৰ
মূৰতে তামোল-গামোছা
ওঁঠতে
ৰাঙলী পিক,
হাচটি
কাছুটি লইছে কোচাই
শৰীৰত
নাই ঠিক।
কঁকালত
আঁটি বান্ধিছে মালোৱে
মাছ
ভৰাবলৈ কোক,
মাছকে
মাৰিছে খোক ভৰি ভৰি
পাহৰি
পিয়াহ ভোক।
মাছ
মাৰি মাৰি মলোৰ শৰীৰত
নাই
উৱাদিহ আৰু,
জোলোকা
জোলোকে ঘাম ওলাইছে
ঘআমতে
তিতিছে পল।
মাছকে
মাৰোঁতে মাছকে মাৰোঁতে
বেলি
হৈ গ'ল পোন,
মলো
গই গই জুনুৰ আগত
ওলাল
পূৰ্ণিমাৰ জোন।
জুনুৰ
কাপোৰ হাততেই ৰ'ল
হ'ল
চাৰি চকু মিল,
মলোৰ
গামোছা মাটিত পৰিল
মূৰত
পৰিল শিল ।
ওপৰে
উৰিল চকোৱা চাকৈ
তলত
জিলীয়ে গায়;
মলোৰ
জুনুৰ দুইৰো প্ৰাণৰ
টনাটনি
কোনে চায়?
নজনা
নুশুনা নেদেখা ডোলেৰে
টানিছে
গাভৰু ডেকা,
আজোঁৰা-আজুৰি
হইছে কতনো
উঠিছে
জোৱাৰ-ভাটা ।
প্ৰেমৰ
মধুৰ অনাসূতা-টান
হঠাতেই
গ’ল
জহি,
জুনু
গাভৰুৱে মুছকছ খাই
পানীত
পৰিল খহি ।
No comments:
Post a Comment