কবিঃ- নিৰ্মল প্রভা বৰদলৈ
তেওঁক মই যোৱাগৈ দেখিছিলোঁ
বেলি লহিওৱাৰ পৰত
পথাৰৰ বকিয়াইদি।
মূৰত জাপি
কান্ধত মেটমৰা দুটা ডাঙৰিৰ
জিৰিক্ জিৰিক্ মাত।
তেওঁৰ পিছে পিছে গ’লগৈ
আঘোণৰ সোণবৰণীয়া ৰ’দ
খেৰৰ চুবুৰিটো, বাঁহ বননিৰ
কেঁচা আলিটো
আৰু গান গোৱা চৰাইজাক
গৈ আছিলো আৰু গ’লগৈ।
কোনে জানে
তেওঁ আৰু
এই জন্মত উভতি আহিবনে নাহে?
বৰ ভাল লাগিল
ReplyDeleteআৰু নাহে ????????
ReplyDeleteপঢ়ি ভাল লাগিল। বাকী কবিতা পোৱা নাযায়।।।
ReplyDeleteকোনখন কবিতাপুথিৰ অন্তৰ্গত
ReplyDeleteকোনখন কবিতাপুথিৰ অন্তৰ্গত
Deleteমৰ্মান্তিক কবিতা
Deleteপালে নে!
ReplyDelete