Saturday, 10 October 2015

মৰ্মান্তিক


কবিঃ- নিৰ্মল প্রভা বৰদলৈ

তেওঁক মই যোৱাগৈ দেখিছিলোঁ
বেলি লহিওৱাৰ পৰত
পথাৰৰ বকিয়াইদি।

মূৰত জাপি
কান্ধত মেটমৰা দুটা ডাঙৰিৰ
জিৰিক্ জিৰিক্ মাত।


তেওঁৰ পিছে পিছে গ’লগৈ
আঘোণৰ সোণবৰণীয়া ৰ’দ
খেৰৰ চুবুৰিটো, বাঁহ বননিৰ
কেঁচা আলিটো
আৰু গান গোৱা চৰাইজাক

গৈ আছিলো আৰু গ’লগৈ।
কোনে জানে
তেওঁ আৰু
এই জন্মত উভতি আহিবনে নাহে?


7 comments:

  1. বৰ ভাল লাগিল

    ReplyDelete
  2. আৰু নাহে ????????

    ReplyDelete
  3. পঢ়ি ভাল লাগিল। বাকী কবিতা পোৱা নাযায়।।।

    ReplyDelete
  4. কোনখন কবিতাপুথিৰ অন্তৰ্গত

    ReplyDelete
    Replies
    1. কোনখন কবিতাপুথিৰ অন্তৰ্গত

      Delete
    2. মৰ্মান্তিক কবিতা

      Delete